মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: পুনৰ ১০০ শতাংশ উত্তীৰ্ণৰে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ চমক

Nalbari News: পুনৰ ১০০ শতাংশ উত্তীৰ্ণৰে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ চমক

পুনৰ ১০০ শতাংশৰে উত্তীৰ্ণৰে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ চমক । বনভাগ খাতা দিহজাৰী হাইস্কুলত ১০০ শতাংশ উত্তীৰ্ণৰে পুৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ 

  • Share this:
সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ  ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  চৰকাৰী মাধ্যমৰ বিদ্যালয় বনভাগ খাতা দিহজাৰী হাইস্কুলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এইবেলিও ১০০ শতাংশই উত্তীৰ্ণ এই বিদ্যালয়ৰ শিক্ষাৰ্থী।

পূৰ্বৰ দৰে এইবেলিও এই চৰকাৰী বিদ্যালয়খনৰ পৰা ১০০ শতাংশ  শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা খবৰে চৰকাৰী মাধ্যমৰ বিদ্যালয়লৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে এইবেলি এই বিদ্যালয়ৰ পৰা ১০৯ গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীর্ণ হৈছিল মেট্ৰিক পৰীক্ষাত আৰু আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত ১০২ গৰাকী, দ্বিতীয় বিভাগত ১৩ গৰাকী, তৃতীয় বিভাগত এগৰাকী আৰু ডিষ্টিং চন পাইছে ১৩গৰাকী আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে ৩৮গৰাকী শিক্ষাৰ্থীয়ে।

বিদ্যালয়খনৰ এনে ঈর্ষণীয় সাফল্যৰ পিছত আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে বিদ্যালয় প্ৰাংগণত ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক সূৰ্য কুমাৰ ৰাজবংশীকে ধৰি  শিক্ষক–শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ–ছাত্ৰী আনন্দত মতলীয়া হৈ পৰে ৷

উল্লেখযোগ্য যে বিদ্যালয়খনৰ এনে ফলাফলৰ বাবে ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ–ছাত্ৰীৰ ভিৰ পৰিলক্ষিত হয়। মূলতঃ শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক- এই তিনি ত্ৰিভুজৰ সুন্দৰ সংমিশ্ৰণে বনভাগ খাতা দিহজাৰী হাইস্কুললৈ আনিছে প্রজ্ঞাৰ অগ্নিশিখা।

শেহতীয়া বাতৰি