মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLCত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৯ বাৰকৈ উজলিল নলবাৰীৰ এখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান

HSLCত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৯ বাৰকৈ উজলিল নলবাৰীৰ এখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান

এইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত আন্তঃগাঁঠনিৰ অভাৱ। বিদ্যালয়খনে উন্নত ফলাফলৰ পিছতো চৰকাৰী অনুদান লাভ কৰা নাই।

এইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত আন্তঃগাঁঠনিৰ অভাৱ। বিদ্যালয়খনে উন্নত ফলাফলৰ পিছতো চৰকাৰী অনুদান লাভ কৰা নাই।

এইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত আন্তঃগাঁঠনিৰ অভাৱ। বিদ্যালয়খনে উন্নত ফলাফলৰ পিছতো চৰকাৰী অনুদান লাভ কৰা নাই।

  • Share this:
নলবাৰী জিলাৰ পশ্চিম চামতা হাইস্কুলৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে এইবৰ্ষৰ সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনে ২০১০ বৰ্ষৰ পৰা বৰ্তমানলৈ মুঠ ৯ বাৰকৈ ইয়াৰ ১০০ শতাংশ শিক্ষাৰ্থীক মেট্ৰিকত উত্তীৰ্ণ কৰাবলৈ সক্ষম হৈছে। কিন্তু এইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত আন্তঃগাঁঠনিৰ অভাৱ। বিদ্যালয়ৰ উন্নত ফলাফলৰ পিছতো চৰকাৰী অনুদান লাভ কৰা নাই।

প্রজ্ঞাৰ গৰিমাৰে উদ্ভাসিত নলবাৰী জিলাৰ এখন চৰকাৰী বিদ্যালয় হ’ল পশ্চিম চামতা হাইস্কুল। মেট্ৰিক পৰীক্ষাত এইবেলিও ১০০ শতাংশ এই বিদ্যালয়ৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে, বিদ্যালয়খনৰ ২০১০ বৰ্ষৰ পৰা আজিলৈ মুঠ ৯বাৰ এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ২০১০ বৰ্ষৰ  পৰা ২০১৩ বৰ্ষলৈ আৰু ২০১৮ বৰ্ষৰ পৰা  ধাৰাবাহিক ভাবে  ২০২১ বৰ্ষলৈ ১০০ শতাংশ বিদ্যালয়ৰ শিক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। পিছে বিদ্যালয়খনত আন্তঃগাঁঠনিৰ অভাৱ। এজাক বৰষুণ পৰিলেই শ্ৰেণী কোঠা পানীৰে উপচি পৰে। বিদ্যালয়খনত আধুনিক পুথিভঁৰাল, চাইকেল ষ্টেণ্ডো নাই। উন্নত ফলাফল দেখুওৱা এইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ে আজিলৈ কোনো চৰকাৰী অনুদান নোপোৱাৰ বাবে ছাত্ৰ–ছাত্ৰীক এইসমূহ সুবিধা দিব পৰা নাই।

মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা আৰু জিলা প্ৰশাসনৰ পৰা বঁটা, বাহন লাভ কৰা এই বিদ্যালয়ৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা প্ৰধান শিক্ষক ভগবান বৰ্মনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এবাৰ বিদ্যালয়লৈ আহি ইয়াৰ অৱস্থাৰ বুজ ল’বলৈ কাতৰ আহ্বান জনায়।

উল্লেখযোগ্য যে, স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও এই উন্নত ফলাফল দেখুওৱা চৰকাৰী বিদ্যালয়ক চকু মেলি নোচোৱাৰ অভিযোগ উত্থাপন হৈছে। প্রজ্ঞাৰ সাধনাত ব্যস্ত পশ্চিম চামতা হাইস্কুলে উন্নত শিক্ষাৰ বাবে নতুন ৰূপ-ৰেখা অংকন কৰিবলৈ সেউজীয়া সপোন পুহি ৰাখিছে। গতিকে চৰকাৰক বিদ্যালয়খনক প্ৰয়োজনীয় সুবিধা প্ৰদান কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই আহ্বান জনাইছে।

শেহতীয়া বাতৰি