
হোজাই আৰক্ষীয়েও ঘটনা সংক্ৰান্তত অনুসন্ধান চলাই আছে।
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সম্মুখত থকা আজমল আইন মহাবিদ্যালয়ৰ হোষ্টেলটোত ঘটিছে এই ঘটনা। নিজামউদ্দীন বৰভূঞা নামৰ লোকজনৰ ঘৰত ভাড়াত চলি আছে আজমল আইন মহাবিদ্যালয়ৰ হোষ্টেলটো।
হোজাইত আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যাৰ অপচেষ্টা। হোষ্টেলৰ দ্বিতীয় মহলাৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে ছাত্ৰী গৰাকীয়ে। ছাত্ৰী গৰাকী দৰং জিলাৰ আছীমা বেগম বুলি জানিব পৰা গৈছে। ছাত্ৰী গৰাকী মূৰ, মুখ আৰু ভৰিত গুৰুতৰ বাবে হৈছে আঘাতপ্ৰাপ্ত হৈছে। ইফালে আঘাত গুৰুতৰ হোৱাত ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সম্মুখত থকা আজমল আইন মহাবিদ্যালয়ৰ হোষ্টেলটোত ঘটিছে এই ঘটনা। নিজামউদ্দীন বৰভূঞা নামৰ লোকজনৰ ঘৰত ভাড়াত চলি আছে আজমল আইন মহাবিদ্যালয়ৰ হোষ্টেলটো। ইতিমধ্যে আৰক্ষীয়েও ঘটনা সংক্ৰান্তত অনুসন্ধান চলাই আছে। লক্ষ্যণীয়ভাৱে, ছাত্ৰীগৰাকীয়ে কিয় জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা চলালে তাকে লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|