অসমৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে পেলনীয়া সামগ্ৰীয়ে ছবি অংকন কৰি সকলোকে গৰ্বিত কৰি তুলিছে। নলবাৰীৰ মানসী চৌধুৰী নামৰ যুৱতীগৰাকীয়ে পেলনীয়া সামগ্ৰীৰে বিভিন্ন ছবি অংকন কৰিছে। পেলনীয়া চাহপাত, টুহ গুড়ি, নাৰিকলৰ পাত, চন্দন গছৰ গুটিৰে ছবি অংকন কৰি এতিয়া চৰ্চিত হৈ আছে মানসীৰ কলা। পিতৃ শিক্ষক হিচাপে কৰ্মৰত যদিও চাকৰিটো বিগত ২৬ বছৰে নিয়মীয়া নোহোৱাত অৰ্থৰ অভাৱৰ বাবে মানসীয়ে এক নতুন চিত্ৰ কলাৰ দিশ উদ্ভাৱন কৰিছিল।
মানসীয়ে ৰং তুলিকাৰে নহয়, পেলনীয়া সামগ্ৰী, শুকান পাত, বাঁহ কাঠীৰে চিত্ৰ অংকন কৰি সকলোৰে সমাদৰ লাভ কৰিছে। মানসী চৌধুৰী হৈছে নলবাৰীৰ নিজ বাহঁজানীৰ চৌধুৰী চুবুৰীৰ শিক্ষক যোগেশ চৌধুৰী আৰু চন্দনা চৌধুৰীৰ জ্যেষ্ঠ কন্যা ৷ শৈশৱৰে পৰা ছবি অংকন কৰি ভালপোৱা মানসীৰ হাতৰ পৰশত ৰাজনৈতিক নেতাৰ পৰা অভিনেতাৰ ছবিয়ে প্ৰাণ পাই উঠিছে।
উল্লেখ্য যে, মানসীৰ ৰং কিনি ছবি অংকন কৰিবলৈ পৰ্যাপ্ত সামৰ্থ্য নথকাৰ বাবে নিজৰ সুপ্ত প্ৰতিভা প্ৰকাশ কৰিবলৈ এনে এক দিশ বাচি লৈছিল। ৰং তুলিকাক বাদ দি অন্য কোনো উপায়েৰে ছবি অংকন কৰিব পাৰি নেকি তাক লৈ ন ন চেষ্টা চলাই গৈছিল মানসীয়ে।
জানিব পৰা মতে, ২০০৭ চনৰ পৰাই ছবি অংকন কৰিবলৈ লোৱা মানসীয়ে চুবুৰীৰে কন্দৰ্প শৰ্মা আৰু উৎপল চৌধুৰীৰ ওচৰত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল ৷ কিন্ত ছবি অংকন কৰিবলৈ ব্যৱহাৰ হোৱা ৰং তুলিকাৰ বাবে প্ৰয়োজনীয় মূল্যৰ অভাৱৰ বাবে মানসীৰ সুপ্ত প্ৰতিভাৰ সিমানতে থমকি ৰ’ল৷ কিয়নো মানসীৰ পিতৃ যোগেশ চৌধুৰী নিজ বাঁহজানীৰ হেম বৰুৱা বিদ্যাপীঠত ১৯৯৮ চনৰ পৰা বিজ্ঞানৰ এগৰাকী শিক্ষক হিচাপে কাম কৰি আছে যিখন বিদ্যালয় সুদীৰ্ঘ ২৬ বছৰে প্ৰাদেশীকৰণ হোৱা নাই। এনে অৱস্থাত পৰিয়লটো চলোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰ্থৰ অভাৱ হোৱাত মানসী ছবি অংকনৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লগা হয়। ককাকৰ পেঞ্চনৰ টকাৰে আৰু পিতৃয়ে বজাৰত কবি, আলু বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালটো কোনোমতে পোহপাল দি আহিছে৷ তাৰ মাজতেই মানসীয়ে পিতৃৰ দুখৰ সমভাগী হৈ ছবি অংকনৰ আশা পূৰণেৰে এই নতুন ছবি অঁকাৰ দিশ সৃষ্টি কৰিলে। ধন খৰছ নকৰাকৈ কেনেকৈ চিত্ৰ অংকন কৰিব পাৰি তাক লৈ মানসীয়ে ন ন কৌশল অৱলম্বন কৰি এদিন সৃষ্টি কৰিলে এবিধ নতুন চিত্ৰ কলাৰ ৷
মানসীৰ হাতৰ পৰশত নিৰৱিছিন্নভাৱে পেলনীয়া সামগ্ৰীৰে এখনৰ পিছত আন এটা চিত্ৰ জীৱন্ত ৰূপত প্ৰাণ পাই উঠিল৷ সুধাকন্ঠ ড° ভূপেন হাজৰিকা , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰ'ৱ জুবিন গাৰ্গৰ দৰে ব্যক্তিসকলৰ এনে বহু লোকৰ প্ৰতিচ্ছবি অংকন কৰিছে মানসীয়ে। আনহাতে, মানসীয়ে জুইৰ পৰা ওলোৱা ছাইৰে বিশ্বৰ জনপ্ৰিয় কৌতুক অভিনেতা চাৰ্লি চাপলিনৰ লগতে বলিউডৰ বিভিন্ন অভিনেতাৰ ওপৰিও বহুতো শিল্পীৰ ছবি অংকন কৰিছে। ভৱিষ্যতে এখন আৰ্ট স্কুল প্ৰতিষ্ঠা কৰি নৱ প্ৰজন্মক তেওঁ সৃষ্টি কৰা চিত্ৰৰ বহুল প্ৰচাৰ কৰাৰ হেপাঁহ আৰু জীৱন বাটত নিজৰ প্ৰতিভাৰে এদিন সফল হোৱাই মানসীৰ আশা।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 22, 2023, 13:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।