নিজকে CBI অফিচাৰ বুলি পৰিচয় দি পলুৱাই নিয়াৰ চেষ্টা যোৰহাটৰ যুৱতীক, কৌশলেৰে আৰক্ষীয়ে আটক কৰিলে পশ্চিমবংগৰ হোটেল বয়ক

যোৰহাট আৰক্ষীৰ জালত পৰিছে এজন ভুৱা চিবিআই অফিচাৰ। শনিবাৰে নিশা আৰক্ষীয়ে যোৰহাটৰ আই এচ বি টিৰ পৰা কৰায়ত্ত কৰে এই ভুৱা চি বি আই অফিচাৰটোক।
যোৰহাট আৰক্ষীৰ জালত পৰিছে এজন ভুৱা চিবিআই অফিচাৰ। শনিবাৰে নিশা আৰক্ষীয়ে যোৰহাটৰ আই এচ বি টিৰ পৰা কৰায়ত্ত কৰে এই ভুৱা চি বি আই অফিচাৰটোক।
- News18 Assam
- Last Updated: October 11, 2020, 4:09 PM IST
"পশ্চিমবঙ্গৰ এই যুৱকজনে নিজকে চিবিআই বিষয়া বুলি ভুৱা পৰিচয় দি যোৰহাটৰ মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। শনিবাৰে মহিলাগৰাকীক লৈ যাবলৈ আহিছিল এখন হোটেলত কাম কৰা এই লৰাজনে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত আমাক জনালে আৰু আমি লগে লগেই যুৱকজনক কৰায়ত্ত কৰো। যুৱকজনৰ প্ৰকৃত নাম জয়ন্ত কৰ। কিন্তু নিজকে ৰাজদ্বীপ অবেৰয় বুলি ভুৱা পৰিচয় দি আহিছিল যুৱকজনে। ", যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাসে এনেদৰে কয়।
আটাকাধীন যুৱকজনৰ নাম জয়ন্ত কৰ আৰু ঘৰ পশ্চিমবংগৰ গোবিন্দপুৰৰ উত্তৰ বাৰেলীৰকুৰেৰ মাৰ্গত। জয়ন্তই মহিলাগৰাকীক নিজকে ৰাজদ্বীপ অবেৰায় আৰু ঘৰ বেংগালুৰুত বুলি কৈছিল আৰু নিজকে এজন ৭০ হাজাৰ টকা দৰমহা পোৱা চি বি আই অফিচাৰ বুলি আভুৱা ভাৰিছিল। ল’ক ডাউনৰ সময়চোৱাত ফোন যোগে হোৱা কথোপ কথনৰ পৰাই গঢ় লৈ উঠিছিল এই প্ৰেমৰ সম্পৰ্ক। চিবিআই বিষয়া বুলি ভাবি থকা লোকজনৰ প্ৰকৃত ৰূপ দেখি বৰ্তমান হতভম্ব হৈ পৰিছে যুৱতীগৰাকী।