ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ প্ৰতিবেদনঃ চিকিৎসা বিজ্ঞানৰ ইতিহাসত বিৰল ঘটনা! ৮ মহীয়া এটি ল'ৰা শিশুৰ পেটৰ ভিতৰত ওলাল ভ্ৰুণ। অৰুণাচলৰ এহাল দম্পতীয়ে নিজৰ ৮ মহীয়া শিশুটিৰ পেটৰ অংশ বৃহৎ আকাৰত ফুলি উঠাক লৈ চিন্তিত হৈ পৰি ডিব্ৰুগড়ৰ অপেক্ষা চিকিৎসালয়ত ভৰ্তি কৰোৱাই।
তাৰপাছতে চিকিৎসকৰ দলে শিশুটিৰ পেটৰ অংশ পৰীক্ষা কৰাত শিশুটিৰ পেটত ২.৫ কিলোগ্ৰামৰ এটা ভ্ৰুণ আৱিষ্কাৰ কৰে। যাক লৈ চিকিৎসা বিজ্ঞানৰ আন এক বিৰল ঘটনাৰ সাক্ষী হৈ পৰে চিকিৎসকসকল।
উল্লেখযোগ্য যে, চিকিৎসাশাস্ত্ৰৰ মতে Foetus in Foetu (ফিটাছ ইন ফিটো) বুলি জনা এই বিৰল ঘটনাত ভ্ৰুণৰ ক্ৰমান্বয়ে বিকাশ হৈ হাত, ভৰি, স্পাইনেল কৰ্ড ইত্যাদি গঠন লৈছিল। আজি সন্ধিয়া পেডিয়টিক চাৰ্জন ডাঃ হেমন্ত কুমাৰ দত্তৰ নেতৃত্বত ৬ জনীয়া চিকিৎসকৰ দলে ৮ মহীয়া শিশুটিৰ জটিল অস্ত্রোপচাৰ কৰি শিশুটিৰ পেটৰ পৰা সেই ভ্ৰুণ পৃথক কৰে।
এই অস্ত্রোপচাৰ যথেষ্ট জটিল আছিল বুলি চিকিৎসকে স্বীকাৰ কৰি কয় যে শিশুটিৰ দেহৰ গুৰুত্বপূৰ্ণ অংগ বৃক্কৰ নিচেই কাষতে এই ভ্ৰুণ বৃদ্ধি হৈ আহিছিল। শিশুটিৰ এনাস্থেচিয়াৰ প্ৰক্ৰিয়াও যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। অৱশেষত চিকিৎসকে সফলভাৱে সম্পন্ন কৰিলে এই অস্ত্রোপচাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|