ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান দুই যুৱতীৰ। অসম আৰক্ষীৰ ওপৰত আস্থা হেৰুওৱা মৰিয়নিৰ এটা দৰিদ্ৰ পৰিয়ালৰ শেষ ভৰসা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত।পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে হাতযোৰ কৰি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনায় তেওঁলোকে।
এই অনুৰোধ জনাইছে যোৰহাট জিলাৰ নকছাৰী অফলামুখ গাঁওৰ তৰুণ দাসৰ দুই কন্যা আৰু পত্নীয়ে। চলিত বৰ্ষৰ ২৪ জুনৰ নিশা মৰিয়নিৰ নকছাৰী খাটিসোণাৰ এটা ইটাভাটাৰ শ্ৰমিক আৱাসত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। সোণতি বৰা নামৰ লোকজনৰ পত্নী আৰু কন্যাসহিতে তিনিজনীয়া পৰিয়ালটোক চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰিছিল অজ্ঞাত ঘাতকে। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত সেই হত্যাকাণ্ডৰ অভিযুক্ত বুলি চিনাক্ত কৰিছিল অফলামুখৰ ৫০ বছৰীয়া মৎস্য ব্যৱসায়ী বিজিত দাস ওৰফে তৰুণ দাসক।
কিন্তু সেই ঘটনাৰ নদিন পিছত অভিযুক্ত তৰুণ দাসৰ ক্ষত-বিক্ষত মৃতদেহ ঘটনাস্থলীৰ সমীপৰ এডাল গছত ৰহস্যজনক অৱস্থাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। ইয়াৰ পিছতে ঘটনাই লৈছিল নতুন মোৰ। তৰুণ দাসৰ পৰিয়ালে এই ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ তুলি হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী তুলি মৰিয়নি থানা চৌহদত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল।
কিন্তু তদন্তকাৰী মৰিয়নি আৰক্ষীয়ে হত্যাকাৰী গ্ৰেপ্তাৰ দূৰৰে কথা ছমাহে হত্যাকাণ্ড কোনে বা কিয় সংঘটিত কৰিছিল তাৰ ক্লু এটাও উলিয়াবলৈ সক্ষম নহ'ল। আনহাতে তদন্তকাৰী আৰক্ষীয়ে তদন্তত চৰম গাফিলতি কৰাৰ অভিযোগ তুলিছে তৰুণ দাসৰ পৰিয়ালে। এনে জটিল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব কিয় এজন নৱনিযুক্ত অনভিজ্ঞ সহকাৰী উপ-পৰিদৰ্শকক অৰ্পণ কৰা কৰা হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে।
ছমাহে আৰক্ষীৰ তদন্তৰ নামত ভেকোভাওনা দেখি হতাশ হৈ অৱশেষত ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।পৰিয়ালটোৰ মুখ্যমন্ত্ৰীলৈ আহ্বান "আমাক ন্যায় দিয়ক। ডাঙৰ উকীল ধৰাৰ সামৰ্থ্য আমাৰ নাই।আপুনিয়ে আমাৰ বাবে শেষ ভৰসা।"
আনহাতে তৰুণ দাসৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে পোহৰলৈ আনিছে কেইবাটাও তথ্য।প্ৰতিবেদনত তৰুণ দাসৰ মৃত্যু মৃতদেহ উদ্ধাৰ হোৱা দিনৰ পৰা ১ সপ্তাহৰ পৰা ২ সপ্তাহৰ ভিতৰত হোৱা বুলি উল্লেখ আছে, যাৰ বাবে ২৪ জুনৰ নিশা তিনিটা হত্যাকাণ্ড নহয়। চাৰিটা হত্যাকাণ্ড সংঘটিত হোৱা বুলি দাবী কৰিছে তৰুণ দাসৰ পৰিয়ালে। তৰুণ দাসৰ মৃতদেহৰ পৰা অন্তৰ্ধান হৈ আছিল চকু, গুপ্তাংগৰ লগতে দেহৰ কেইবাটাও অংশ।
প্ৰতিবেদন অনুসৰি মৃতদেহত নাছিল কোনো আঘাতৰ চিন। কিন্তু তৰুণ দাসৰ মৃতদেহত ১২টাকৈ দাৰ ঘাপৰ চিন স্পষ্ট ৰূপত আছিল বুলি মৃতদেহ উদ্ধাৰৰ সময়ত প্ৰকাশ কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে। সেই দাৰ ঘাপ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে তৰুণ দাসো হত্যাৰ বলি হোৱা বুলি দাবী কৰিছিল। প্ৰতিবেদনত তৰুণ দাসে আত্মহত্যা কৰিছিল নে হত্যাৰ বলি হৈছিল সেই বিষয়ে কোনো স্পষ্ট তথ্য কিয় নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে তৰুণ দাসৰ বৰ জীয়ৰী হিয়াজ্যোতি দাসে।
প্ৰতিবেদনত মৃতদেহৰ বিভিন্ন অংশ নষ্ট হোৱা বুলি উল্লেখ আছে। আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰিয়ালটোৱে ন্যায় লাভৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ লগতে মাত এষাৰ দিবলৈও উপস্থিত নোহোৱা কাৰ্যক লৈ তৰুণ দাসৰ দুই কন্যাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
মনকৰিবলগীয়া যে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নকছাৰী খাটিসোণাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাৰ তদন্তত মৰিয়নি আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী পৰিয়ালে মুখ্যমন্ত্ৰীলৈ ন্যায় বিচাৰি অনুৰোধ জনাবলগীয়া হোৱা কাৰ্যই উদঙাই দিছে অসম আৰক্ষীৰ ফোঁপোলাস্বৰূপ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্ভগীয়া পৰিয়ালটোৰ আহ্বানৰ প্ৰতি কেনেদৰে সঁহাৰি জনাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|