শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰিৰ বেংমুৰীয়া কোঁৱৰ গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী। পৰিয়ালটোৰ মুৰব্বীজনে পাঁচটা বছৰৰ পূৰ্বে হেৰুৱাই পেলাইছিল মানসিক ভাৰসাম্য। বিগত পাঁচ বছৰ ধৰি পৰিয়ালৰ লোকে ব্যক্তিজনৰ চিকিৎসা কৰি আছে যদিও আজি পৰ্যন্ত পোৱা পোৱা নাই কোনো সুফল।
উপায়হীন হৈ পৰিয়ালৰ লোকে ৰছীৰে বান্ধি থ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ব্যক্তিজনক।
শিমলুগুৰিৰ বেংমূৰীয়া কোঁৱৰ গাঁৱৰ চিকন সন্দিকৈ নামৰ ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত হৈছিল। মানসিক ৰোগত আক্ৰান্ত ব্যক্তিজনক পৰিয়াল তথা গাঁৱৰ লোকে বহুবাৰ চিকিৎসা কৰোৱাই যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে।
মানসিক ৰোগত আক্ৰান্ত ব্যক্তিজনে বিভিন্ন সময়ত ঘৰৰ আচবাব ঘৰ-দুৱাৰ আদি অনিষ্ট কৰাৰ লগতে পত্নী মীনা সন্দিকৈকো অত্যাচাৰ কৰে। এনে অৱস্থাত পৰিয়ালৰ লোকে ৰছীৰে বান্ধি থ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ব্যক্তিজনক।
বিগত পাঁচ বছৰ ধৰি চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি উপায়হীন হৈ পৰিছে পত্নী মীনা সন্দিকৈ৷ ব্যক্তিজনৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত ধন। পত্নী মীনা সন্দিকৰ অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ আহ্বান তেওঁৰ স্বামীক যাতে উন্নত চিকিৎসাৰ জৰিয়তে সুস্থ কৰি তোলে। আনহাতে কোনো হৃদয়বান ব্যক্তিয়েও যদি এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে, তেন্তে ৮১৩৫৮৭৪৯৮৯ ম'বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|