সামাজিক ব্যাধি! থলুৱা কুকুৰা পালন কৰাই হ’ল অপৰাধ, সামাজিক ভাবে বৰ্জন কৰিলে এটা পৰিয়ালক

News18 Assam | News18-Assam
Updated:September 11, 2020, 8:08 PM IST
সামাজিক ব্যাধি! থলুৱা কুকুৰা পালন কৰাই হ’ল অপৰাধ, সামাজিক ভাবে বৰ্জন কৰিলে এটা পৰিয়ালক
অভিযোগ এতিয়া নসাত্‍ কৰিছে গাওঁখনৰ ৰাইজে।

অভিযোগ এতিয়া নসাত্‍ কৰিছে গাওঁখনৰ ৰাইজে।

  • News18 Assam
  • Last Updated: September 11, 2020, 8:08 PM IST
  • Share this:
সামাজিক ব্যাধি! থলুৱা কুকুৰা পালন কৰি সামাজিক ভাবে এঘৰীয়া হ’ল টীয়কৰ এটা পৰিয়াল। জানিব পৰা মতে, টীয়কৰ মৰিজাজী দ' গাঁৱৰ ৰাজপল শৰ্মা বৰদলৈ নামৰ যুৱকজনে দীৰ্ঘদিনীয়া ল’ক ডাউনৰ সময়ছোৱাত নিজৰ পূৰ্বৰ ব্যৱসায়ত চৰম লোকচানৰ সন্মুখীন হৈ ঘৰতেই নিজৰ লগতে আন দহজনকো সংস্থাপনৰ লক্ষ্যৰে গঢ়ি তুলিছিল এখন থলুৱা কুকুৰা পাম। কিন্তু সেয়াই যেন অপৰাধ হ'ল যুৱকজনৰ!

NEWS 18ৰ কেমেৰাৰ সন্মুখত যুৱকজনে দিয়া ভাষ্য অনুসৰি, কুকুৰা পাম খোলাৰ বাবেই গাওঁখনৰ ৰাইজে তেওঁলোকৰ পৰিয়ালটোক সামাজিকভাৱে বৰ্জন কৰিলে। গাঁৱৰ নামঘৰৰ অনুষ্ঠান সমূহৰ পৰা বঞ্চিত কৰিছে তেওঁৰ পিতৃক। বিভিন্ন সময়ত গাঁৱৰ ৰাইজৰ ককৰ্থনাৰো সন্মুখীন হ’ব লগীয়া হৈছে।

একেই পৰিস্থিতিৰ সন্মুখীন হৈছে গাওঁখনৰ আনন্দ শৰ্মা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীও। আনন্দ শৰ্মাৰ সন্তানে ঘৰতেই এখন ব্ৰইলাৰ ফাৰ্ম গঢ়ি কৰিছিল। ফলত সমাজে তেওঁলোককো কৰিছিল এঘৰীয়া। কেৱল ইমানেই নহয়, সামাজিকভাৱে বৰ্জিত দুয়োটা পৰিয়ালক তথা যুৱক দুজনৰ কামক সমৰ্থন কৰাৰ বাবে আন দহটা পৰিয়ালকো সামাজিক ভাবে বৰ্জন কৰা হৈছে। কিন্তু এই অভিযোগ এতিয়া নসাত্‍ কৰিছে গাওঁখনৰ ৰাইজে।
Published by: Himangshu Bhuyan
First published: September 11, 2020, 8:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি