ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই শংকৰদেৱ সংঘৰ পৰা কৰিলে এঘৰীয়া- অপমানিত অনুভৱ কৰি জীৱন ত্যাগ কৰিবলৈও লৈছিল ঘৰৰ মুৰব্বীয়ে

News18 Assam | News18-Assam
Updated:June 29, 2020, 8:32 PM IST
ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই শংকৰদেৱ সংঘৰ পৰা কৰিলে এঘৰীয়া- অপমানিত অনুভৱ কৰি জীৱন ত্যাগ কৰিবলৈও লৈছিল ঘৰৰ মুৰব্বীয়ে
অপমানিত অনুভৱ কৰি জীৱন ত্যাগ কৰিবলৈও লৈছিল ঘৰৰ মুৰব্বীয়ে

অপমানিত অনুভৱ কৰি জীৱন ত্যাগ কৰিবলৈও লৈছিল ঘৰৰ মুৰব্বীয়ে

  • Share this:
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধলপুৰ আঞ্চলিক শাখাৰ অধিনস্থ কমলপুৰ শাখাৰ এখন নিৰ্দেশনা পত্ৰ লাভ কৰাৰ পিছতে মূৰত সৰগ ভাগি পৰাৰ দৰে হৈছিল কমলপুৰৰ ৬০ উৰ্ধ্বৰ সৰুলৰা বৰা নামৰ এজন ব্যক্তিৰ ৷

প্ৰায় ১৪ বছৰ ধৰি শংকৰদেৱ সংঘৰ একনিষ্ঠ ভকত হিচাপে থকা সৰুল’ৰা বৰাই এখন পত্ৰ লাভ কৰে শংকৰদেৱ সংঘৰ কমলপুৰ শাখাৰ পৰা। পত্ৰত লিখা আছিল যে, ‘ঘৰত ব্ৰইলাৰ পালন কৰাৰ বাবে শাখাৰ প্ৰাথমিক সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে।’ হঠাত্‍ এনেধৰণৰ পত্ৰ লাভ কৰি হতবাক হৈ পৰে সৰুল’ৰা বৰা। পিছত যেতিয়া কথোটো বিভিন্ন জনৰ কাণত পৰে, তেতিয়া বহুতে বিভিন্ন ধৰণৰ কথাৰে সৰুল’ৰা বৰাক মনোকষ্ট দিবলৈ আৰম্ভ কৰে। ফলত হতাশ হৈ পৰে বৃদ্ধ লোকজন। আনকি এটা সময়ত জীৱন ত্যাগ কৰিবলৈয়ে লৈছিল লোকজনে।



কিয় সৰুল’ৰা বৰালৈ আহিল পত্ৰ?

পত্ৰযোগে সৰুল’ৰা বৰাক জনোৱা হৈছে যে পক্ষী পালন (ব্ৰইলাৰ ফাৰ্ম) খোলাৰ বাবে সাময়িক ভাবে শাখাৰ সহযোগৰ পৰা বিৰত কৰা হৈছে।উল্লেখযোগ্য যে,সৰুল’ৰা বৰাৰ পুত্ৰ সুনিল বৰাই মুম্বাইত এটা ব্যক্তিগত কোম্পানিত চাকৰি কৰি গোটোৱা কিছু ধনেৰে এখন ব্ৰয়লাৰ ফাৰ্ম খুলিছে গাঁৱৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত। আৰু সেয়াই যেন হ’ল অপৰাধ। লগে লগে শংকৰ সংঘই প্ৰাথমিক শাখাই সৰুল’ৰা বৰাৰ ঘৰখন কৰিলে সমাজৰ পৰা এঘৰীয়া। 



 যি সময়ত বহি ৰাজ্যত কৰ্মবিমুখহৈ ৰাজ্যলৈ ঘূৰি আহি কৰ্মসংস্থাপন বিচাৰি হাহাকাৰ কৰিছে। তেনে সময়তে শংকৰ সংঘৰ দৰে জাতীয় সংগঠনৰ এনে কাৰ্য কিমান দূৰ গ্ৰহণ যোগ্য সেয়া ৰাইজে বিচাৰ কৰিব।
First published: June 29, 2020, 8:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading