• Home
  • »
  • News
  • »
  • assam
  • »
  • ব্ৰয়লাৰ মাংস বিক্ৰী কৰাই হ’ল অপৰাধ, একশৰণ ভাগৱতী সমাজে এঘৰীয়া কৰিলে এটা দৰিদ্ৰ পৰিয়ালক

ব্ৰয়লাৰ মাংস বিক্ৰী কৰাই হ’ল অপৰাধ, একশৰণ ভাগৱতী সমাজে এঘৰীয়া কৰিলে এটা দৰিদ্ৰ পৰিয়ালক

সামাজিক ব্যাধি! শংকৰদেৱ সংঘৰ পিছত এইবাৰ একশৰণ ভাগৱতী সমাজ।

সামাজিক ব্যাধি! শংকৰদেৱ সংঘৰ পিছত এইবাৰ একশৰণ ভাগৱতী সমাজ।

সামাজিক ব্যাধি! শংকৰদেৱ সংঘৰ পিছত এইবাৰ একশৰণ ভাগৱতী সমাজ।

  • Share this:
সামাজিক ব্যাধি! শংকৰদেৱ সংঘৰ পিছত এইবাৰ একশৰণ ভাগৱতী সমাজ। ব্ৰয়লাৰ মাংস বিক্ৰী কৰাই হ’ল অপৰাধ। একশৰণ ভাগৱতী সমাজে এঘৰীয়া কৰিলে এটা দৰিদ্ৰ পৰিয়ালক। এই ঘটনা সংঘটিত হৈছে  নগাঁও জিলাৰ হাতীচোঙত ৷ হাতীচোঙৰ কমাৰচুকৰ পদ্ম দাস নামৰ এজন লোকে জীৱন-জীৱিকাৰ তাড়নাত বাছি লৈছিল মাংস বি়ক্ৰীৰ ব্যৱসায়। সেইমতে ব্ৰয়লাৰ মাংস বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ পথ গ্ৰহণ কৰিছিল পদ্ম দাসে।

কিন্তু গাঁৱৰ এক শৰণ ভাগৱতী সমাজৰ বিষয়ববীয়াই ব্ৰয়লাৰ বিক্ৰী কৰাৰ বাবেই পদ্ম দাসক সামাজিক ভাবে এঘৰীয়া কৰে ৷ এতিয়া লোকজনৰ ঘৰখনৰ লগত সকলোৱে ত্যাগ কৰিছে সম্পৰ্ক। বন্ধ কৰি দিছে অহা যোৱা। ফলত মানসিক ভাবে একেবাৰেই ভাগি পৰিছে পদ্ম দাসৰ পৰিয়ালটো। ভাগৱতী সমাজৰ এনে কৰ্মকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এনে ঘটনা এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও গাহৰি পালন বা মুৰ্গী পালন কৰাৰ বাবে শংকৰ দেৱ সংঘই বহু পৰিয়ালক সমাজৰ পৰা এঘৰীয়া কৰিছিল।
Published by:Himangshu Bhuyan
First published: