কলাইগাঁৱৰ নাৰকীয় ঘটনাঃমৃত জিয়াৰীৰ পুনৰ জন্মৰ বাবেই উলংগহৈ পূজা কৰিছিল পৰিয়ালে!

News18-Assam
Updated:July 8, 2019, 11:26 AM IST
কলাইগাঁৱৰ নাৰকীয় ঘটনাঃমৃত জিয়াৰীৰ পুনৰ জন্মৰ বাবেই উলংগহৈ পূজা কৰিছিল পৰিয়ালে!
২০১৫ চনত নিজৰ কন্যাক ৰমেশ চহৰীয়াই বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ মাতৃ পুণ্যকান্তিৰ।

২০১৫ চনত নিজৰ কন্যাক ৰমেশ চহৰীয়াই বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ মাতৃ পুণ্যকান্তিৰ।

  • Share this:
শনিবাৰে কলাইগাঁৱত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে ঘটনাৰ মূল অভিযুক্ত যাদৱ চহৰীয়াৰ পত্নী পুণ্যকান্তি চহৰীয়াই । মাতৃ পুণ্যকান্তি চহৰীয়াই কয় যে তেওঁলোকৰ মৃত জিয়ৰী হেমাশ্ৰীক জীয়াই তুলিবৰ বাবেই এনেদৰে উলংগ হৈ পূজা কৰিছিল পৰিয়ালটোৱে। শুকুৰবাৰে পুৱতি নিশা প্ৰায় তেওঁলোকৰ পুত্ৰ পুলকেশে সেইদিনা তেওঁলোকৰ ঘৰলৈ এক অনন্য শক্তিৰ প্ৰৱেশ ঘটিব বুলি কয়! মৃত কন্যাক আকৌ জিয়াই তুলিবলৈকে সেই শক্তি তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিব বুলি উল্লেখ কৰে পুলকেশে। সেইদিনা দিনৰ ১০.৩০ বজাত শিৱ মন্দিৰত হোৱা পূজাৰ সময়ত তেওঁলোকক বস্ত্ৰ খুলি দিবলৈ কয়, প্ৰথমে তেওঁলোক মান্তি নোহোৱাত ধমক দি হেমাশ্ৰী(মুনু)ক জীয়াই তুলিবলৈ উলংগ হৈ পূজাত বহিবলৈ কয়। পিছত ঘৰৰ চোতালৰ মন্দিৰত  স্বামী যাদৱ চহৰীয়া, ভনিয়েক দেৱযানী, জোঁৱাই ৰুক্ম, সৰু ল’ৰাটো সহ আঠজন মানুহ উলংগ হৈ পূজা কৰিবলৈ লয়। কিন্তু সেই সময়ত স্থানীয় লোকে তেওঁলোকৰ গা লৈ শীল,ইটা দলিয়াওতে এটুকুৰা ইটা মূৰত লাগি পুণ্যকান্তি অচেতন হৈ পৰে।

উল্লেখযোগ্য যে শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত কুলশীপাৰাত নিজৰ মন্দিৰত আত্মীয়ৰ এটি শিশুক বলি দিয়াৰ উদ্দেশ্যে উদ্দেশ্যে পূজা অৰ্চনা কৰিছিল পত্নী-পুত্ৰ আৰু আত্মীয়সহ শিক্ষক যাদৱ চন্দ্ৰ চহৰীয়াই।

লগতে পুণ্যকান্তিয়ে নৰকীয় কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াৰসন্দৰ্ভতো কেইবাটাও চাঞ্চল্যকৰ অভিযোগ কৰে। ২০১০ চনৰ পৰাই যাদৱ চহৰীয়াৰ ঘৰলৈ আহ–যাহ চলিছিল ভণ্ড বাবা ৰমেশ চহৰীয়াৰ। সেই সময়ৰ পৰাই মানসিক অশান্তিত ভূগি থকা যাদৱ চহৰীয়াক সুস্থ কৰিম বুলি তেওঁলোকৰ ঘৰত কবিৰাজী কৰাৰ আৰম্ভ কৰে ৰমেশ চহৰীয়াই।  মাতৃগৰাকীয়ে কয় যে, ২০১০ চনৰ পৰাই ৰমেশ চহৰীয়াই তেওঁলোকৰ ঘৰলৈ সঘনে অহা যোৱা কৰিছিল। যি তেঁওলোকৰ কন্যা হেমাশ্ৰী চহৰীয়াক হত্যা কৰিছিল বুলি অভিযোগ কৰে মাতৃ পুণ্যকান্তিয়ে। কিন্তু ৰমেশ চহৰীয়াই হেমাশ্ৰীয়ে আত্মহত্যা কৰা বুলি প্ৰচাৰ চলাই বুলি গুৰুতৰ অভিযোগ কৰে।

শনিবাৰে কলাইগাঁৱত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে ঘটনাৰ মূল অভিযুক্ত যাদৱ চহৰীয়াৰ পত্নী পুণ্যকান্তি চহৰীয়াই এনেদৰে ৰমেশ চহৰীয়াৰৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

 

First published: July 8, 2019, 9:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading