কলাইগাঁৱৰ নৰকীয় ঘটনাঃ এতিয়াও পলাতক ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়া
News18-Assam Updated:July 8, 2019, 11:58 AM IST

সমূহীয়া উলংগহৈ নৰবলিৰ আয়োজন কৰা ঘটনাৰ পাৰ্শ্বক্ৰিয়া অব্যাহত
সমূহীয়া উলংগহৈ নৰবলিৰ আয়োজন কৰা ঘটনাৰ পাৰ্শ্বক্ৰিয়া অব্যাহত
- News18 Assam
- Last Updated: July 8, 2019, 11:58 AM IST
শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত কুলশীপাৰাত নিজৰ মন্দিৰত আত্মীয়ৰ এটি শিশুক বলি দিয়াৰ উদ্দেশ্যে পূজা অৰ্চনা কৰিছিল পত্নী-পুত্ৰ আৰু আত্মীয়সহ শিক্ষক যাদৱ চন্দ্ৰ চহৰীয়াই। পূজাৰ পূৰ্বে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই জ্বলাই দিলে নিজৰ ঘৰ-দুৱাৰ। শণিবাৰে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই পত্নী-পুত্ৰ আৰু আত্মীয়সহ উলংগ হৈ প্ৰথমে নিজৰ ঘৰ দুৱাৰ সা–সম্পত্তি জ্বলাই দিয়ে। তাৰ পিছত মন্দিৰত শিশুটিক বলি দিয়াৰ বাবে পূজা–অৰ্চনা কৰে। অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত পৰি এনে এক ঘৃণনীয় কাণ্ড সংঘটিত কৰিবলৈ উন্মাদ হোৱা পৰিয়ালটোক বহু বছৰ ধৰি গ্ৰাস কৰি আহিছিল ভণ্ড তান্ত্ৰিকে।
দেওবাৰে পুৱা GMCHত মৃত্যুক আকোৱালি লয় পুলকেশ চহৰীয়াই। এতিয়াও GMCHত চিকিত্সাধীন ভণ্ড বাবাৰ প্ৰৰোচনাত উন্মাদ হোৱা পৰিয়ালটো মুৰব্বী যাদৱ চন্দ্ৰ চহৰীয়া। আৰু চাওক