GMCHত মৃত্যু নৰবলি দিবলৈ উন্মাদ হোৱা যাদৱ চন্দ্ৰ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়াৰ
News18-Assam Updated:July 8, 2019, 11:59 AM IST

ভণ্ড বাবাৰ প্ৰৰোচনাত উন্মাদ হৈছিল পৰিয়ালটো। ভৰিত গুলীয়াই কৰায়ত্ত কৰিছিল মূল অভিযুক্ত যাদৱ চন্দ্ৰ চহৰীয়া আৰু পুত্ৰ পুলকেশ চহৰীয়াক
ভণ্ড বাবাৰ প্ৰৰোচনাত উন্মাদ হৈছিল পৰিয়ালটো। ভৰিত গুলীয়াই কৰায়ত্ত কৰিছিল মূল অভিযুক্ত যাদৱ চন্দ্ৰ চহৰীয়া আৰু পুত্ৰ পুলকেশ চহৰীয়াক
- News18 Assam
- Last Updated: July 8, 2019, 11:59 AM IST
ভণ্ডবাাৰ প্ৰৰোচনাত পৰি প্ৰথমে উলংগ হৈ এফালৰ পৰা ধ্বংস কৰি গৈছিল নিজ ঘৰৰে আচবাব ধ্বংস কৰি জ্বলাই দিছিল নিজৰ বাসগৃহ। আৰক্ষী-সাংবাদিক-গাঁওবাসীকো আক্ৰমণ কৰিছিল পৰিয়ালটোক। পিছত ভৰিত গুলীয়াই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল পুত্ৰসহ চহৰীয়াক।
শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত কুলশীপাৰাত নিজৰ মন্দিৰত আত্মীয়ৰ এটি শিশুক বলি দিয়াৰ উদ্দেশ্যে পূজা অৰ্চনা কৰিছিল পত্নী-পুত্ৰ আৰু আত্মীয়সহ শিক্ষক যাদৱ চন্দ্ৰ চহৰীয়াই। পূজাৰ পূৰ্বে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই জ্বলাই দিলে নিজৰ ঘৰ-দুৱাৰ। শণিবাৰে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই পত্নী-পুত্ৰ আৰু আত্মীয়সহ উলংগ হৈ প্ৰথমে নিজৰ ঘৰ দুৱাৰ সা–সম্পত্তি জ্বলাই দিয়ে। তাৰ পিছত মন্দিৰত শিশুটিক বলি দিয়াৰ বাবে পূজা–অৰ্চনা কৰে। অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত পৰি এনে এক ঘৃণনীয় কাণ্ড সংঘটিত কৰিবলৈ উন্মাদ হোৱা পৰিয়ালটোৰ মুৰব্বী চহৰীয়া ৰৌতাৰ দণ্ড চহৰীয়া উঃ মাঃ বিদ্যালয়ৰ শিক্ষক।