লোমহৰ্ষক! ওদালগুৰিত এটি শিশুক বলি দিয়াৰ চেষ্টা পৰিয়ালৰ

পূজাৰ পূৰ্বে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই জ্বলাই দিলে নিজৰ ঘৰ-দুৱাৰ। বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই পত্নী-পুত্ৰ আৰু আত্মীয়সহ উলংগ হৈ প্ৰথমে নিজৰ ঘৰ দুৱাৰ সা–সম্পত্তি জ্বলাই দিয়ে। তাৰ পিছত মন্দিৰত শিশুটিক বলি দিয়াৰ বাবে পূজা–অৰ্চনা কৰে।

news18assam
Updated:July 6, 2019, 6:23 PM IST
লোমহৰ্ষক! ওদালগুৰিত এটি শিশুক বলি দিয়াৰ চেষ্টা পৰিয়ালৰ
পূজাৰ পূৰ্বে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই জ্বলাই দিলে নিজৰ ঘৰ-দুৱাৰ। বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই পত্নী-পুত্ৰ আৰু আত্মীয়সহ উলংগ হৈ প্ৰথমে নিজৰ ঘৰ দুৱাৰ সা–সম্পত্তি জ্বলাই দিয়ে। তাৰ পিছত মন্দিৰত শিশুটিক বলি দিয়াৰ বাবে পূজা–অৰ্চনা কৰে।
news18assam
Updated: July 6, 2019, 6:23 PM IST
ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত কুলশীপাৰাত নিজৰ মন্দিৰত আত্মীয়ৰ এটি শিশুক বলি দিয়াৰ উদ্দেশ্যে পূজা অৰ্চনা। পূজাৰ পূৰ্বে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই জ্বলাই দিলে নিজৰ ঘৰ-দুৱাৰ। বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই পত্নী-পুত্ৰ আৰু আত্মীয়সহ উলংগ হৈ প্ৰথমে নিজৰ ঘৰ দুৱাৰ সা–সম্পত্তি জ্বলাই দিয়ে। তাৰ পিছত মন্দিৰত শিশুটিক বলি দিয়াৰ বাবে পূজা–অৰ্চনা কৰে। লোমহৰ্ষক ঘটনাৰ বিষয়ে সম্ভেদ পায় স্থানীয় লোকে উদ্ধাৰৰ চেষ্টা চলায় শিশুটিক। উদ্ধাৰৰ বাবে যোৱা ৰাইজকো আক্ৰমণ কৰে চহৰীয়া পৰিয়ালে। বিস্তৰ ক্ষতিসাধনো কৰে কেইবাখনো বাহনৰ। ৰাইজৰ বুজনিতো সৈমান নহয় পৰিয়ালটো।



ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বহু সময় ধৰি চেষ্টা চলায়ো চহৰীয়াক সৈমান কৰিব নোৱাৰাত অৱশেষত আৰক্ষীয়ে গুলীয়াই আহত কৰে চহৰীয়া আৰু তেওঁৰ পুত্ৰক। আৰক্ষীয়ে পিতা-পুত্ৰক গুলীয়াই উদ্ধাৰ কৰে শিশুটিক। উদ্ধাৰ অভিযানত আহত কেইবাজনো সাংবাদিক। কিছুদিন পূৰ্বে ঘৰতে আত্মহত্যা কৰিছিল চহৰীয়াৰ জীয়ৰী। জীয়ৰীৰ আত্মহত্যাৰ বাবে বেজে দিছিল এই বিধান।

 
আৰু চাওক পৰৱৰ্তী বাতৰি