শিৱসাগৰ জিলাৰ নাজিৰা বিহুবৰত আজি এক শোকবহ দুৰ্ঘটনা সংঘটিত হয়৷ দিখৌ নদীৰ বুকুত গাধুৱলৈ যোৱা অৱস্থাত সন্ধানহীন হয় এজন ব্যক্তিৰ ৷ পেচাত ফকলেণ্ড চালক হিচাপে কাম কৰা ব্যক্তিজনে দিখৌ নদীৰ মাজত গা ধুবলৈ যোৱা অৱস্থাত দিখৌ নদীত শিল খনন কৰা খাদানত পিচলি পৰে৷
সন্ধানহীন ব্যক্তি জনৰ নাম ধীৰাজ শইকীয়া ৷ ব্যক্তিজন ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত বিহুবৰ আৰক্ষী উপস্থিত হৈ SDRFৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও সন্ধনহীন ব্যক্তিজনক বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 13, 2023, 22:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।