• Home
  • »
  • News
  • »
  • assam
  • »
  • ডবকা টোলগেটত লাগে ডাবল টেক্স! চালকে নিদিয়াত পিটিলে ৰডেৰে, থানাত গোচৰ

ডবকা টোলগেটত লাগে ডাবল টেক্স! চালকে নিদিয়াত পিটিলে ৰডেৰে, থানাত গোচৰ

চলিত বৰ্ষৰ  মাৰ্চ মাহৰ পৰা এতিয়ালৈকে ডবকা টোলগেটত পাঁচবাৰতকৈ অধিক এনে ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

চলিত বৰ্ষৰ  মাৰ্চ মাহৰ পৰা এতিয়ালৈকে ডবকা টোলগেটত পাঁচবাৰতকৈ অধিক এনে ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

চলিত বৰ্ষৰ  মাৰ্চ মাহৰ পৰা এতিয়ালৈকে ডবকা টোলগেটত পাঁচবাৰতকৈ অধিক এনে ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

  • Share this:

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ডবকাৰ মিকিৰআটী হাওগাঁও টোলগেটত আজি পুনৰ টোলগেটৰ কৰ্মচাৰীৰ হাতত এজন গাড়ী চালক প্ৰহৃত হ'ব লগা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কৰ্মচাৰীৰ হাতত প্ৰহৃত হোৱা চালকজনে পাছত ডবকা আৰক্ষী থানাত গোচৰ তৰে ৷ ইয়াকে লৈ সমগ্ৰ ডবকাতে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি আজি পুৱাৰ ভাগত মৰিগাঁৱৰ পৰা ইটা লৈ ডবকা অভিমুখে আহি থকা এ এছ–০৯ চি ০৭০৬ নম্বৰৰ ট্ৰাকখন ডবকাৰ মিকিৰআটী হাওগাঁও  টোলগেটত ফাষ্টটেগৰ জৰিয়তে ২৭৫ টকা টোলকৰ পৰিশোধ কৰে ৷


টোলকৰ দি ট্ৰাকখন পাৰ হ'বলৈ লওঁতে পুনৰ টোলগেটৰ ট্ৰেফিক গেট পৰি যায় আৰু টোলগেটৰ কৰ্মচাৰীয়ে পুনৰ অতিৰিক্ত কৰ বিচাৰে ৷ চালকে টকা কাটি নিয়া মেচেজটো কৰ্মচাৰীসকলক দেখুৱাই যদিও তেওঁলোকে কোনো কাৰণতে চালকৰ  কথা শুনিব নিবিচাৰে৷ তেনে সময়তে  গাড়ীখন  সন্মুখৰ ফালে অলপ আগবাঢ়ে আৰু ট্ৰেফিক গেটত লাগি যায় ৷ ইয়াৰ পিছতে লোহাৰ পাইপেৰে টোলগেটৰ কৰ্মচাৰীয়ে গাড়ীখনৰ চালক আৰু গাড়ীখনত আক্ৰমণ কৰে ৷ ফলত গাড়ীখনৰ চালকৰ কাষৰ আইনাখন ভাঙি যায় আৰু চালক ইবাদুৰ ৰহমানো গুৰুতৰভাৱে আহত হয় ৷


পাছত কোনোমতে চালকজন ডবকা থানাত উপস্থিত হৈ টোলগেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ডবকা আৰক্ষীয়ে চালকজনক ডবকা ৩০খন বিছনাযুক্ত চিকিৎসালয়ত চিকিৎসা কৰায়৷ লগতে টোলগেটৰ চি চি টিভি ভিডিঅ' সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰে ৷ চি চি টিভিৰ ভিডিঅ' ফুটেজত প্ৰত্যক্ষ হোৱা মাৰপিটত লিপ্ত থকা টোলগেটৰ কৰ্মচাৰীকেইজনক বিচাৰি অভিযান চলায় আৰক্ষীয়ে ৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই ৷


উল্লেখ্য যে চলিত বৰ্ষৰ  মাৰ্চ মাহৰ পৰা এতিয়ালৈকে ডবকা টোলগেটত পাঁচবাৰতকৈ অধিক এনে ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৷ টোলগেটৰ কৰ্মচাৰীয়ে চালকক মাৰপিট কৰাৰ উপৰি মহিলা যাত্ৰীকো টনা–আঁজোৰা কৰাৰ অভিযোগ আছে ৷ এই সন্দৰ্ভত ডবকা আৰক্ষী থানাতো কেইবাটাও গোচৰ পঞ্জীয়ন হৈ আছে ৷  অপৰাধ যিমানেই গুৰুতৰ নহওক কিয়, টোলগেটৰ কৰ্মচাৰীসকলক আইন হাতত তুলি ল'বলৈ অধিকাৰ কোনে দিলে, তাকে লৈ ডবকাৰ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷

Published by:Gautam Barman
First published: