உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Divyang Farmer: হাতত কোৰ লৈ শোণিতপুৰৰ এগৰাকী দিব্যাংগ, কৰি গৈছে ইটোৰ পিছত সিটোকৈ খেতি, পুহিছে পৰিয়াল

    Divyang Farmer: হাতত কোৰ লৈ শোণিতপুৰৰ এগৰাকী দিব্যাংগ, কৰি গৈছে ইটোৰ পিছত সিটোকৈ খেতি, পুহিছে পৰিয়াল

     পৰনিৰ্ভৰশীল হ'ব নোখোজা বৰাই কৰা কৰ্মৰে কৰ্মবিমুখ সক্ষম যুৱক–যুৱতীৰ বাবে নিশ্চিতভাৱে সাহসৰ প্ৰতীক।

    পৰনিৰ্ভৰশীল হ'ব নোখোজা বৰাই কৰা কৰ্মৰে কৰ্মবিমুখ সক্ষম যুৱক–যুৱতীৰ বাবে নিশ্চিতভাৱে সাহসৰ প্ৰতীক।

    পৰনিৰ্ভৰশীল হ'ব নোখোজা বৰাই কৰা কৰ্মৰে কৰ্মবিমুখ সক্ষম যুৱক–যুৱতীৰ বাবে নিশ্চিতভাৱে সাহসৰ প্ৰতীক।

    • Share this:

    মনত প্ৰবল ইচ্ছাশক্তি আৰু লক্ষ্য স্থিৰ কৰিলে কোনো সমস্যাই বাধাৰ প্ৰাচীৰ হৈ থিয় হ'ব নোৱাৰে৷ শাৰীৰিক বাধাক নেউচি জীৱন যুঁজত আগুৱাই যোৱা বিশেষভাৱে সক্ষম এজন যুৱকৰ জীৱন সংগ্ৰামে বহুতকে দেখুৱাইছে স্বনিৰ্ভৰশীলতাৰ বাট৷ এইজন শোণিতপুৰ জিলাৰ বৰছলাৰ ১নং শিঙিমাৰী গাঁৱৰ বিশেষভাৱে সক্ষম লোকেন্দ্ৰ বৰা৷ যুৱকজনে কোভিডৰ জটিল পৰিস্থিতিত গঢ়িছে সেউজ বিপ্লৱ ৷ শাৰীৰিক বাধা নেওচি তেওঁ বিভিন্নধৰণে খেতি কৰি পৰিয়াল–পোহপাল দিছে৷ বিশেষভাৱে সক্ষম লোকেন্দ্ৰই পৰনিৰ্ভৰশীল নহয়, তেওঁ নিজেই হাতে–কামে লাগে কৃষি–কৰ্মত ৷


    কোভিড পৰিস্থিতিৰ মাজতে লোকেন্দ্ৰই শাক–পাচলি খেতি কৰি উৎপাদিত পাচলি অঞ্চলটোত ঘৰে ঘৰে গৈ বিক্ৰী কৰি আহিছে। স্থিতপ্ৰজ্ঞ, দৃঢ়, লক্ষ্যস্থিৰ এইজন বিশেষভাৱে সক্ষম যুৱক ৷ কল, ৰঙালাউ, অমিতাৰ খেতি কৰি উপাৰ্জন কৰা ধনেৰে চলাইছে পৰিয়াল ৷ জন্মৰে পৰা শাৰীৰিকভাৱে অক্ষম যদিও মানসিকভাৱে যথেষ্ট শক্তিৰ অধিকাৰী হৈ আজি বহুতৰ বাবে আদৰ্শ হৈ পৰিছে এইজন বিশেষভাৱে সক্ষম যুৱক৷ শোণিতপুৰ জিলাৰ বৰছলাৰ ১নং শিঙিমাৰী গাঁৱৰ বিশেষভাৱে সক্ষম যুৱক লোকেন্দ্ৰ বৰাই  পথাৰত হালৰ মুঠিত ধৰাৰ পৰা আৰম্ভ কৰি নিৰানি কৰা, শইচৰ বীজ ৰোপণ কৰা আদি সকলো কামেই কৰিব পৰে৷ আন দহজন সবল–সুঠাম ডেকা ল'ৰাৰ বাবে এই যুৱকজন আদৰ্শ ৷ কিয়নো বিশেষভাৱে সক্ষম হয় যদিও পৰনিৰ্ভৰশীল নহয় এইজন যুৱক ৷


    ওৰেটো দিন খেতি–খোলাতেই ব্যস্ত থকা এইজন যুৱকৰ সপোনৰ পথাৰত এতিয়া লহপহকৈ বাঢ়ি অহা ফচল বজাৰত বিক্ৰী কৰি আৰ্থিক উপাৰ্জন কৰাৰ লগতে মাতৃৰ সৈতে পৰিয়ালৰ আন সদস্যসকলক পোহপাল দিছে ৷ বিশেষভাৱে সক্ষম হোৱা বাবে সমাজ কল্যাণ বিভাগৰ পৰা বাৰ্ষিক ১১ হাজাৰ টকা পেন্সন পোৱা এইজন যুৱকে শইচৰ বীজ ক্ৰয় কৰি খেতি কৰি উপাৰ্জনৰ পথ মুকলি কৰি লৈছে ৷ যি আন বহুজনতকৈ পৃথক এক পন্থা অৱলম্বন কৰিছে যুৱকজনে ৷ প্ৰকৃতাৰ্থত এইজন এজন প্ৰকৃত কৃষক ৷ যি সন্মানৰ যোগ্য ৷ যি চৰকাৰ তথা কৃষি বিভাগৰ দৃষ্টিত পৰিলে হয়তো অহোপুৰুষাৰ্থ কৰি ইয়াতকৈ অধিক কৃষিকাৰ্য কৰি মানসিকভাৱে ভাগি পৰা বহু কৰ্মবিমুখ যুৱক–যুৱতীক সাহসৰ বাট দেখুৱাবলৈ সক্ষম হ'ব ৷

    Published by:Gautam Barman
    First published: