• Home
  • »
  • News
  • »
  • assam
  • »
  • Differently Abled Youth : ৪০০ কবিতা লিখি সামাজিক মাধ্যমত চৰ্চাত সোণাপুৰৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক

Differently Abled Youth : ৪০০ কবিতা লিখি সামাজিক মাধ্যমত চৰ্চাত সোণাপুৰৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক

তেওঁৰ আছে মামা অৰ্থাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স'তে এসাঁজ ভাত খোৱাৰ ইচ্ছা

তেওঁৰ আছে মামা অৰ্থাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স'তে এসাঁজ ভাত খোৱাৰ ইচ্ছা

তেওঁৰ আছে মামা অৰ্থাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স'তে এসাঁজ ভাত খোৱাৰ ইচ্ছা

  • Share this:
তেওঁ লিখিছে ৪০০টা কবিতা। এতিয়া সামাজিক মাধ্যমত চৰ্চাত এইগৰাকী সাহিত্যানুৰাগী বিশেষভাৱে সক্ষম যুৱক। সোণাপুৰৰ মালয়বাৰী গাঁৱৰ বিশেষভাৱে সক্ষম (Specially Abled Youth) যুৱকজনৰ নাম দিগন্ত ৰাজবংশী।

মামা অৰ্থাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স'তে এসাঁজ ভাত খোৱাৰ ইচ্ছা থকা বুলি কৈ এতিয়া চৰ্চিত সামাজিক মাধ্যমত। ইতিমধ্যে মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্দেশক্ৰমে প্ৰতিনিধি আহি সহায়ৰ প্ৰতিশ্ৰুতি দিছে এইগৰাকী যুৱকক।

শাৰীৰিক অক্ষমতাৰ বাবে নৱম শ্ৰেণীতে শৈক্ষিক জীৱনৰ সামৰণি পেলোৱা এইগৰাকী যুৱকৰ আছে সাহিত্য চৰ্চাৰ প্ৰতি অনুৰাগ। ইতিমধ্যে ৪০০ৰো অধিক কবিতা ৰচনা কৰি এটি বাকচত সযতনে ৰাখি থৈছে যুৱকজনে।তেওঁৰ আশা মুখ্যমন্ত্ৰীয়ে বিশেষ পদক্ষেপ লৈ ছপা আকাৰে প্ৰকাশ কৰক এই কবিতাখিনি।

আনহাতে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা ইলেকট্ৰনিক চেয়াৰখনে তেওঁক নতুন জীৱন দান কৰা বুলি কৈ মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতাও জনালে দিগন্ত ৰাজবংশীয়ে।
Published by:Gautam Barman
First published: