মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat News: যোৰহাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ; বিধ্বস্ত বাইকৰ কাষত উদ্ধাৰ যুৱকজনৰ শৰীৰত নাই কোনো আঘাতৰ চিন

Jorhat News: যোৰহাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ; বিধ্বস্ত বাইকৰ কাষত উদ্ধাৰ যুৱকজনৰ শৰীৰত নাই কোনো আঘাতৰ চিন

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ’ব এইয়া দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ’ব এইয়া দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ’ব এইয়া দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড

  • Share this:
যোৰহাটত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পশ্চিম যোৰহাটৰ সৰুচৰাই কাঠনিবাৰী তেলডিপোৰ সমীপত পথৰ কাষত পৰি থকা অৱস্থাত এজন যুৱকৰ মৃত্যুক উদ্ধাৰ হৈছে। বিধ্বস্ত অৱস্থাত মৃত যুৱকজনৰ বাইকখন উদ্ধাৰ হৈছে যদিও কাষতে পৰি থকা যুৱকজনৰ শৰীৰত কোনো আঘাতৰ চিন নাছিল। এই ৰহস্যজনক মৃত্যুৰ ঘটনাই এতিয়া সকলোকে বিপাঙত পেলাইছে।

মৃত যুৱকজন যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত গন্ধিয়া গাঁৱৰ দেবজিত্‍ গন্ধিয়া বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে নিশা পথৰ কাষৰ এটা লাইপষ্টৰ কাষত বিধ্বস্ত অৱস্থাত যুৱকজনৰ বাইকখন উদ্ধাৰ হৈছিল। কাষতে পৰি দেবজিতৰ মৃতদেহ পৰি আছিল। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এয়া এক স্বাভাৱিক পথ দুৰ্ঘটনা বুলি ধাৰণা কৰিলেও মৃত দেবজিতৰ শৰীৰত কোনো আঘাতৰ চিন নথকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। বাইকখন বিধ্বস্ত অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে দেবজিতৰ শৰীৰত দুৰ্ঘটনাত আহত হোৱাৰ কোনো চিন নথকাকৈ কেনেদৰে মৃত্যুক সাৱটিতে তাকে লৈ এতিয়া সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে।

এতিয়া দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ কাষত উদ্ধাৰ দেবজিতৰ শৰীৰত কোনো আঘাতৰ চিন নথকাৰ বাবে মৃত যুৱকজনৰ পৰিয়াল আৰু গাঁওবাসীয়ে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। এই ক্ষেত্ৰত দেবজিতৰ পৰিয়ালৰ লোকে দুজনমান লোকৰ বিৰুদ্ধে সন্দেহ ব্যক্ত কৰিছে। পৰিয়ালৰ মতে প্ৰেমৰ এক ঘটনাৰ বাবেই পৰিকল্পিত ভাবে হত্যা কৰা হৈছে দেবজিতক। ঘটনাৰ নিশা এজন যুৱকৰ সৈতে দেবজিত ওলাই গৈছিল বুলি জানিবলৈ দিছে দেবজিতৰ পৰিয়ালে।

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ সময়ত তিনি জন যুৱকক সোধ-পোচৰ বাবে আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকক মুকলি কৰি দিয়ে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে দেবজিতৰ মৃত্যু দুৰ্ঘটনাৰ ফলত হৈছিল নে এয়া এক পৰিকল্পিত হত্যাকাণ্ড সেয়া স্পষ্ট হ’ব।

শেহতীয়া বাতৰি