• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাট চহৰৰ মাজমজিয়াত ৰাজপথত উদ্ধাৰ হ'ল এটা মৃতদেহ

যোৰহাট চহৰৰ মাজমজিয়াত ৰাজপথত উদ্ধাৰ হ'ল এটা মৃতদেহ

যোৰহাট নগৰৰ মাজমজিয়াৰ জে বি ৰোডৰ কাষত দেওবাৰে পুৱাই এটা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৰহাট নগৰৰ মাজমজিয়াৰ জে বি ৰোডৰ কাষত দেওবাৰে পুৱাই এটা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যুৱকজন ফুটপাথত দুৰ্ঘটনাবশত পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা বুলিও সন্দেহ কৰা হৈছে। অৱশ্যে সকলো স্পষ্ট হ'ব মৰণোত্তৰ পৰীক্ষাৰ পিছতহে।

  • Share this:
যোৰহাট নগৰৰ মাজমজিয়াৰ জে বি ৰোডৰ কাষত দেওবাৰে পুৱাই এটা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফুটপাথত তেজৰ ডোঙাৰ মাজত পৰি থকা মৃতদেহটো ৰত্নদীপ বৰুৱা ওৰফে বাবু নামৰ যুৱকজনৰ বুলি চিনাক্ত কৰা হয় ।

প্ৰথম অৱস্থাত এয়া এক হত্যাকাণ্ড বুলি ভবা হৈছিল যদিও আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো পৰীক্ষা কৰাত শৰীৰত কোনো আঘাতৰ চিন পোৱা নগ'ল। যুৱকজনৰ নাকেৰে তেজ নিৰ্গত হৈ আছিল। এয়া হত্যা নে দুৰ্ঘটনা সেয়া নিশ্চিত হোৱা নাই আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ কাৰণ নিশ্চিত হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। যুৱকজন ফুটপাথত দুৰ্ঘটনাবশত পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা বুলিও সন্দেহ কৰা হৈছে। অৱশ্যে সকলো স্পষ্ট হ'ব মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ।

মৃত যুৱকজনৰ ঘৰ ক্লাবৰোডত। বহু বছৰ পূৰ্বে পৰিয়ালৰ লোকে যুৱকজনক ত্যাজ্যপুত্ৰ ঘোষণা কৰিছিল। সুৰাসক্ত যুৱকজন প্ৰায়ে নিউভিল ৰোডৰ বজাৰ অঞ্চলতে ঘূৰি ফুৰিছিল। অঞ্চলটোৰ ব্যৱসায়ীসকলৰ মাজত পৰিচিত বাবুৰ এনেধৰণে মৃত্যুৰ ঘটনাই স্থানীয় লোকসকলক আচৰিত কৰি তুলিছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি