• Home
  • »
  • News
  • »
  • assam
  • »
  • বাইকখন পাৰ্কিঙ প্লেচত ৰখাই হ'ল অপৰাধ! ডিব্ৰুগড়ৰ হোটেলত কাম কৰা এটি শিশুক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে গ্ৰাহকে

বাইকখন পাৰ্কিঙ প্লেচত ৰখাই হ'ল অপৰাধ! ডিব্ৰুগড়ৰ হোটেলত কাম কৰা এটি শিশুক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে গ্ৰাহকে

representative image

representative image

ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে শিশুটিক প্ৰহাৰ কৰা শিহৰণকাৰী ভিডিও।

  • Share this:
অতি নিৰ্মম! ডিব্ৰুগড়ত এজন লোকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে হোটেলত কাম কৰা এটি শিশু শ্ৰমিকক। এখন বাইকৰ বাবেই শিশুটিৰ ওপৰত নিৰ্মম অত্যাচাৰ চলালে টেটুন গোৱালা নামৰ লোকজনে। লোকজনে শিশুটি চৰ, কিল, ভুকুৰে উপৰ্যুপৰি আক্ৰমণ কৰে। ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চলৰ নগাঘূলি গ্ৰীণউদ চাহ বাগিছাত সংঘটিত হৈছে এই জঘন্য ঘটনা।

ঘটনা অনুসৰি, শিশুটিয়ে হোটেললৈ অহা লোকজনক বাইকখন পাৰ্কিং কৰিবলৈ কৈছিল। আনকি বাইকখন পাৰ্কিং স্থানত শিশুটিয়ে নিজেই ৰখাই থৈছিল। আৰু সেই কথাতে খঙত অগ্নিশৰ্মা হৈ লোকজনে ১০ বছৰীয়া শ্ৰমিকজনক শাৰীৰিক ভাবে প্ৰহাৰ কৰে। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে শিশুটিক প্ৰহাৰ কৰা শিহৰণকাৰী ভিডিও।

জানিব পৰা মতে, হৰিনন্দ গুপ্তা নামৰ এজন ব্যক্তিৰ হোটেলত শিশু শ্ৰমিক হিচাপে কৰ্মৰত আছিল দহ বছৰীয়া কিশোৰজন। শনিবাৰে এই ঘটনাৰ সংঘটিত হৈছিল যদিও আজি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে সমগ্ৰ দৃশ্য। আৰু তাৰ পিছতেই সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি