உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চিৰাঙৰ বিজনীত ডাইনী কাণ্ডৰে জড়িত ১০জন লোকক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

    চিৰাঙৰ বিজনীত ডাইনী কাণ্ডৰে জড়িত ১০জন লোকক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

    বিজনী থানাৰ ১২০/২০০১ নং ডাইনী হত্যাৰ গোচৰত অভিযুক্তক ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ ৰায় দিয়ে।

    • Share this:
    বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়। ডাইনী কাণ্ডৰে জড়িত ১০ জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে ৷ অন্ধবিশ্বাসৰ বলি হৈ নিৰ্দোষী লোকক ডাইনী সন্দেহত হত্যা কৰা অভিযুক্তৰ বিৰুদ্ধে চিৰাঙৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে এই ঐতিহাসিক ৰায় প্ৰদান কৰে।

    বিজনী থানাৰ ১২০/২০০১ নং ডাইনী হত্যাৰ গোচৰত অভিযুক্তক ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ ৰায় দিয়ে। সেই অনুসৰি কেটেং বড়ো, গেনা বসুমতাৰী, গোগো বসুমতাৰী, গংগাৰ বসুমতাৰী, আখু বসুমতাৰী, থিৰেন বসুমতাৰী, সোম্বাৰু বসুমতাৰী, জাবোতি বসুমতাৰী, হেব্ৰো গয়াৰী আৰু সমৰ মুছাহাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

    উল্লেখ্য যে বিজনীৰ বান্দুগুৰীত বিগত ২০০১ চনত  ৩ গৰাকী লোকক হত্যা কৰা হৈছিল৷ গাঁওখনৰ গাঙ্গুলী বসুমতাৰী, মালাৰাম বসুমতাৰী আৰু পনীৰাম বসুমতাৰীক নিৰ্মমভাৱে হত্যা কৰিছিল ১২ অপৰাধীয়ে। ইয়াৰে ২ অপৰাধীৰ ইতিমধ্যে মৃত্যু ঘটিছে। মৃত্যু হোৱা অপৰাধী দুজন ক্ৰমে বলেন বসুমতাৰী আৰু বুতৰ বসুমতাৰী।
    Published by:Sanjay Kumar Das
    First published: