উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰি ত্যাগ কৰিলে দুই ৰাজপত্ৰিত বিষয়াই। অসম চৰকাৰৰ চাকৰি ত্যাগ কৰি দুই বিষয়াই ল'লে স্বাধীনচিতীয়া ব্যৱসায়ৰ পথ।
উল্লেখযোগ্য যে, ২০১৬ চনত অসম প্ৰশাসনিক সেৱাত যোগদান কৰিছিল দুই স্বামী-স্ত্ৰী মৃদুস্মিতা ফুকন আৰু অংশুমান গগৈয়ে।
চৰকাৰী চাকৰিত যোগদানৰ মাত্ৰ ৬ বছৰ পাছতে সলনি কৰিলে বৃত্তি। চৰকাৰী চাকৰিৰ পৰিৱৰ্তে তেওঁলোকৰ এতিয়া নতুন পেছা ইভেণ্ট মেনেজমেণ্ট।
লক্ষণীয়ভাৱে, দুই পতি-পত্নীয়ে একেলগে উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰি বাদ দি স্বাধীন ব্যৱসায়ৰ পথ লোৱা কাৰ্যই স্বাভাৱিকতে অনুপ্ৰাণিত কৰিছে যুৱপ্ৰজন্মক।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|