কোৰোণা পজিটিভ গৰ্ভৱতী মহিলাই জন্ম দিলে এটি পুত্ৰ সন্তান, পিপিই কীট পৰিধান কৰি নাৰ্ছে কৰিলে প্ৰসৱ

শিৱসাগৰ কোভিড কেয়াৰ চেণ্টাৰৰ এটি বিশেষ খবৰ!
শিৱসাগৰ কোভিড কেয়াৰ চেণ্টাৰৰ এটি বিশেষ খবৰ!
- News18 Assam
- Last Updated: August 9, 2020, 12:33 AM IST
শিৱসাগৰ জিলাৰ হালোৱাটিঙৰ কাজল পাংগিং নামৰ এগৰাকী গৰ্ভৱতী মহিলা শুকুৰবাৰে শিৱসাগৰ চিভিল হাস্পতাললৈ আহিছিল। নিয়ম মাফিক কোভিডৰ ৰেপিড টেষ্ট কৰোতে ৰোগীগৰাকীৰ দেহত ধৰা পৰে কোৰোণা পজিটিভ। ফলস্বৰূপে চিকিত্সালয় কৰ্তৃপক্ষই কাজল পাংগিঙক চিভিল হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰায়।
পিছত কোভিড কেয়াৰ হাস্পতালতে মহিলাগৰাকীৰ প্ৰসৱ যন্ত্ৰণা আৰম্ভ হয়। লগে লগে চিকিত্সালয় কৰ্তৃপক্ষই গৰ্ভৱতী ৰোগীৰ বাবে প্ৰস্তুত কৰি ৰখা বিশেষ কোঠালৈ মহিলাগৰাকীক স্থানান্তৰ কৰে। পুৱতি নিশা ২.২৩ বজাত চিভিল হাস্পতালৰ জ্যেষ্ঠ নাৰ্ছ সোণমণি তামুলীৰ তত্বাৱধানত কাজল পাংগিঙে এটি সুস্থ সবল পুত্ৰ সন্তান জন্ম দিয়ে। জন্মৰ সময়ত শিশুটিৰ ওজন প্ৰায় ২.৭ কেজি।