মেৰাপানীৰ গীতাঞ্জলিয়ে দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন, পিতৃ অসুস্থ, ঘৰখন চলাবলৈ খুলিছে দোকান

News18 Assam | News18-Assam
Updated:October 27, 2020, 11:54 AM IST
মেৰাপানীৰ গীতাঞ্জলিয়ে দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন, পিতৃ অসুস্থ, ঘৰখন চলাবলৈ খুলিছে দোকান
মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকা গীতাঞ্জলিয়ে প্ৰতিদিনেই এখন অস্থায়ী টিনৰ চালিৰ তলত বিক্রী কৰে চাহ আৰু বিভিন্ন খাদ্য সম্ভাৰ।

মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকা গীতাঞ্জলিয়ে প্ৰতিদিনেই এখন অস্থায়ী টিনৰ চালিৰ তলত বিক্রী কৰে চাহ আৰু বিভিন্ন খাদ্য সম্ভাৰ।

  • Share this:
নাৰীশক্তিৰ প্ৰতীক হৈ থিয় দিছে মেৰাপানীৰ এগৰাকী কলেজীয়া ছাত্ৰী। এক কৰ্মমুখী যাত্ৰাৰে নাৰী সবলীকৰণৰ ক্ষেত্ৰখনক অধিক গতিশীল কৰিছে গীতাঞ্জলি শইকীয়া নামৰ ছাত্ৰীগৰাকীয়ে। স্নাতক মহলাৰ পঞ্চম ষান্মাসিকৰ মেধাৱী ছাত্ৰী গীতাঞ্জলিয়ে এতিয়া গাঁৱৰ পথৰ দাঁতিত দোকান দি আৰম্ভ কৰিছে স্বনিয়োজনৰ পথ।

মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকা গীতাঞ্জলিয়ে প্ৰতিদিনেই এখন অস্থায়ী টিনৰ চালিৰ তলত বিক্রী কৰে চাহ আৰু বিভিন্ন খাদ্য সম্ভাৰ। শেহতীয়াকৈ লগতে আৰম্ভ কৰিছে এখন পাণ–তামোলৰ দোকান। দোকানখনৰ পৰা উপাৰ্জন কৰা সীমিত টকাৰে ৰুগীয়া পিতৃৰ শুশ্ৰূষাৰ লগতে পৰিয়াল চলোৱাত সহায় কৰাৰ উপৰি নিজৰ পঢ়াৰ খৰচো বহন কৰিছে সাহসী গীতাঞ্জলীয়ে।

ইতিমধ্যে গীতাঞ্জলিৰ দোকানলৈ নিয়মিতভাৱে আহিবলৈ ধৰিছে গ্ৰাহকসকল। মেৰাপানী ৪নং তৰাণি গাঁৱৰ আদিত্য শইকীয়াৰ কন্যা গীতাঞ্জলিয়ে বৰ্তমান গোলাঘাটৰ হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে। এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ স্বাৰ্থত নৱপ্ৰজন্মক কৰ্মৰ মাধ্যমেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাইছে উদ্যমী গীতাঞ্জলিয়ে। যুৱক–যুৱতী সকলে লাজ–শংকা পৰিহাৰ কৰি বিভিন্ন মাধ্যমত আত্মনিয়োগ কৰি নিৱনুৱা সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব বুলি বিশ্বাসী গীতাঞ্জলি। গীতাঞ্জলিৰ কৰ্মমুখী যাত্ৰা আৰু অধিক ফলপ্ৰসু হওক,আমিও তাকেই কামনা কৰিলো।
Published by: Sanjay Kumar Das
First published: October 27, 2020, 11:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading