কোৰোণাই ধ্বংস কৰিছে একাংশ লোকৰ জীৱন-জীৱিকা ৷ কোৰোণাই সলাইছে জীৱিকাৰ পথ ৷ বিগত আঢ়ৈ মাহে বাক্সা জিলাৰ বাগানপাৰাত আবদ্ধ হৈ আছে এটা চাৰ্কাছ দল ৷ কোৰোণা মহামাৰীৰ বাবে প্ৰদৰ্শন বন্ধ হৈ থকাত দলটো সন্মুখীন হৈছে আৰ্থিক সংকটৰ ৷ পেটৰ ভাতমুঠিৰ বাবে চাৰ্কাছ এৰি এতিয়া কৰিবলৈ লৈছে দিনহাজিৰা ৷ বিগত আঢ়ৈ মাহ পূৰ্বে শিলিগুৰিৰ এই গোল্ডেন চাৰ্কাছৰ দলটো উপস্থিত হৈছিল বাগানপাৰাত৷ চাৰ্কাছ প্ৰদৰ্শনী দেখুৱাবলৈ দলটোৱে পেণ্ডেলো সাজু কৰিছিল৷ পিছে ৰাজ্যত আৰম্ভ হোৱা কোৰোণাৰ দ্বিতীয়টো ঢৌৱে সকলো ওলট-পালট কৰি পেলালে ৷
ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ' পিৰ ফলত চাৰ্কাছ দলটোৱে অনুষ্ঠিত কৰিব নোৱাৰিলে কোনো প্ৰদৰ্শনী ৷ আনহাতে যাতায়াত ব্যৱস্থাও বন্ধ হৈ পৰাত আন ঠাইলৈও যাব নোৱাৰিলে, যাৰ বাবে বাগানপাৰাতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ তীব্ৰ আৰ্থিক সংকট নামি আহে চাৰ্কাছ দলটোলৈ ৷ বিগত সময়ছোৱাত কোনো প্ৰদৰ্শনী কৰিব নোৱৰাত ২৫ জনীয়া দলটোৰ পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বিগত সময়ছোৱাত একাংশ স্থানীয় দল–সংগঠনে কিছু সহায় কৰিলেও সেয়া পৰ্যাপ্ত নোহোৱাত জীয়াই থকাৰ তাড়নাত কৰিবলৈ লৈছে দিনহাজিৰা ৷ দলটোৰ পুৰুষসকলৰ লগতে মহিলাসকলেও ওলাই আহিছে হাজিৰা কৰিবলৈ৷ পুৰুষসকলে শিলৰ কোৱেৰীত শিল ভঙা, বাঁহ কটা কামত নিয়োজিত হোৱাৰ লগতে মহিলাসকলেও ইটাভাটাত কাম কৰিবলৈ বাধ্য হৈছে৷ এক অভাৱনীয় পৰিস্থিতিৰ সম্মুখীন হৈছে দলটোৰ কৰ্মকৰ্তাসকল ৷
এই সন্দৰ্ভত চাৰ্কাছ দলটোৰ প্ৰযোজক চেহনাজ বেগমে চৰকাৰৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য ৷ তেওঁ কয়– 'আমি কিমান দিনলৈ এনেদৰে বহি থাকিম ৷ এনেদৰে থাকিলে লঘোনে মৰিব লাগিব ৷ চৰকাৰে কিবা এটা ব্যৱস্থা কৰক ৷'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|