• Home
  • »
  • News
  • »
  • assam
  • »
  • যন্ত্ৰণাত চটফটাইছে ৰঙিয়াৰ শান্তিপুৰৰ এটি দেৱশিশুৱে, চিকিৎসাৰ বাবে নাই ধন

যন্ত্ৰণাত চটফটাইছে ৰঙিয়াৰ শান্তিপুৰৰ এটি দেৱশিশুৱে, চিকিৎসাৰ বাবে নাই ধন

দুখীয়া পৰিয়ালটোৱে ঘৰৰ সকলো মূল্যৱান সামগ্ৰী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই।

দুখীয়া পৰিয়ালটোৱে ঘৰৰ সকলো মূল্যৱান সামগ্ৰী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই।

দুখীয়া পৰিয়ালটোৱে ঘৰৰ সকলো মূল্যৱান সামগ্ৰী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই।

  • Share this:

    যন্ত্ৰণাত চটফটাইছে এটি দেৱশিশুৱে। দিনে-নিশাই চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে ৰঙিয়া নগৰৰ শান্তিপুৰৰ তিনি মহীয়া কণমানি সন্তানটো। দিনৰ পিছত দিন, সপ্তাহৰ পিছত মাহ, এনেকৈয়ে সুদীৰ্ঘ তিনি মাহে জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছে। দিনহাজিৰা কৰা মণ্টু বণিয়া আৰু মণিকা বণিয়াৰ সন্তানটি জন্মৰে পৰা জটিল ৰোগত আক্ৰান্ত হোৱাত অজান আশংকাত ভুগিব লগা হৈছে আৰ্থিক দীনতাৰে পিষ্ট পৰিয়ালটো।


    দুখীয়া পৰিয়ালটোৱে ঘৰৰ সকলো মূল্যৱান সামগ্ৰী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই। সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ। ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি এতিয়া সৰ্বস্বান্ত হৈছে।


    পুত্ৰক সুস্থ কৰি তুলিবলৈ দৰকাৰ হোৱা ধন যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ। উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। লগতে ফুল কমলীয়া কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ সুহৃদ ব্যক্তি অথবা দল-সংগঠনে চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব বিচাৰিলে 8486723892 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে । নাইবা কণমানি শিশুটোৰ মাতৃ মণিকা বণিয়াৰ Assam Garmin Bilash Bank ৰ ৰঙিয়া শাখাৰ 7292026027830 নম্বৰৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব।

    Published by:Gautam Barman
    First published: