গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰীৰ বিতৰ্কিত ফেচবুক পোষ্টক লৈ আৰক্ষীৰ নিজাববীয়া গোচৰ

জালুকবাৰী আৰক্ষী চকীত ৰেহেনা চুলতানা নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ।

News18-Assam
Updated:August 14, 2019, 4:41 PM IST
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰীৰ বিতৰ্কিত ফেচবুক পোষ্টক লৈ আৰক্ষীৰ নিজাববীয়া গোচৰ
জালুকবাৰী আৰক্ষী চকীত ৰেহেনা চুলতানা নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ।
News18-Assam
Updated: August 14, 2019, 4:41 PM IST
ৰেহেনা চুলতানা নামৰ যুৱতীগৰাকীৰ এটা বিতৰ্কিত ফেচবুক পোষ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এটা গোচৰ। জালুকবাৰী আৰক্ষী চকীত ৰেহেনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ।

উল্লেখযোগ্য যে দুবছৰ পূৰ্বে ৰেহেনা চুলতানা নামৰ যুৱতীগৰাকীয়ে ফেচবুকত কৰিছিল বিতৰ্কিত পোষ্টটো। ভাৰত–পাকিস্তানৰ ক্ৰিকেট মেচত পৰাজিত হৈছিল ভাৰত। তাৰ পিছতে ৰেহেনাই ফেচবুকত কৰিছিল এই বিতৰ্কিত পোষ্ট।



এই পোষ্টটোক লৈ শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল। তাৰ পিছতে মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে। ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ পিছতে ৰেহেনাই ডিলিট কৰিছিল এই পোষ্টটো। কিন্তু ছচিয়েল মিডিয়াত থাকি গৈছিল পোষ্টটোৰ স্ক্ৰীণশ্বট।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই জানিবলৈ দিয়া মতে, এই বিষয়ে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সৈতে আলোচনাত মিলিত হৈছে আৰু আইনমতে ৰেহেনা চুলতানাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব ।
আৰু চাওক পৰৱৰ্তী বাতৰি