• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাৰোড চহৰত লকডাউনৰ সন্ত্ৰাস, লকডাউন আহিলেই দৗেৰা–দৌৰি, পিছে কোন এই লকডাউন?

বৰপেটাৰোড চহৰত লকডাউনৰ সন্ত্ৰাস, লকডাউন আহিলেই দৗেৰা–দৌৰি, পিছে কোন এই লকডাউন?

চহৰৰ মাজত উপদ্ৰৱ চলায় লকডাউনে। বগৰাই দিয়ে ই–ৰিক্সা, ৰিক্সা আদি। বুধবাৰেও লকডাউনে চহৰখনত সৃষ্টি কৰিলে তীব্ৰ যান–জঁটৰ।

  • Share this:
বৰপেটাৰোড চহৰত লকডাউনৰ সন্ত্ৰাস৷ লকডাউন আহিলেই চহৰখনত আৰম্ভ হয় দৌৰা-দৌৰি, লৰা-ঢপৰা৷ ব্যৱসায়ীসকলেও চাটাৰ মাৰি বন্ধ কৰিবলগা হয় ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ৷ অন্যথা যিকোনো ক্ষতিৰ সন্মুখীন হ’বলগা হ’ব পাৰে দোকানী, ব্যৱসায়ীসকল৷

আচলতে, লকডাউন হৈছে বৰপেটাৰোড চহৰৰ এটা ষাঁড়গৰুৰ নাম৷ ৰজাৰ দৰে আহে লকডাউন। লকডাউন আহিলেই সকলোৰে এৰি দিয়ে ৰাস্তা। অন্যথা বিপদ! এইবোৰ কাৰণতে ষাঁড় গৰুটো পৰিচিত লকডাউন হিচাপে৷

বুধবাৰেও লকডাউনে চহৰখনত সৃষ্টি কৰিলে তীব্ৰ যান–জঁটৰ। চহৰৰ মাজতে এখন ই–ৰিক্সা বগৰাই দিয়ে লকডাউনে। পিছে ই-ৰিক্সাচালকো কম নহয়। লকডাউনক ধমক ই–ৰিক্সা চালকৰ – চৰিয়াই গাল ফালিম তোৰ! পিছে লকডাউনৰ সৈতে ফেপেৰি পাতি লাভ নহ'ল তেওঁৰ৷ লকডাউনৰ ৰুদ্ৰৰূপ দেখি ওলোটাই ই-ৰিক্সা চালকেহে দৌৰি পলায়ন কৰিব লগীয়া হ'ল৷ লকডাউনৰ বাবে প্ৰায় আধা ঘন্টা ধৰি ব্যাপক যানজঁটৰ সৃষ্টি হয় চহৰখনত৷
Published by:Sanjay Kumar Das
First published: