ছাত্ৰৰ আত্মহননৰ ঘটনাই পুনৰ জোকাৰি গ'ল গুৱাহাটী আই.আই.টি.ক। নিজৰ হোষ্টেলৰ এটা কোঠাত আত্মহত্যা কৰা ছাত্ৰজনৰ নাম গুডলা মহেশ চাই ৰাজ। বি.টেক (B.Tech) অধ্যয়নৰত ছাত্ৰজনৰ ঘৰ অন্ধপ্ৰদেশ পূৱ গোদাবৰীত বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, লোহিত হোষ্টেলৰ ছাত্ৰজনৰ বিৰুদ্ধে অলপতে শাস্তি বিহিছিল হোষ্টেল কতৃপক্ষই। বিগত ৬ অক্টোবৰৰ পৰা নিখোঁজ হৈ থকা ছাত্ৰজনক আজি চিপ লোৱা অবস্থাত হোষ্টেলখনৰ এটা পৰিত্যক্ত কোঠাত উদ্ধাৰ হয়। উল্লেখ্য যে, কোঠাটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। লোহিত হোষ্টেলৰ C 314 নম্বৰ কোঠাৰ ছাত্ৰ গোডলা মহেশ চাই ৰাজৰ মৃতদেহটো হোষ্টেলৰ D 360 নম্বৰ কোঠাত উদ্ধাৰ হৈছে।
মন কৰিবলগীয়া যে, বিশ্বকৰ্মা পূজাৰ দিনটোত সূৰ্যনাৰায়ণ প্ৰেম কিশোৰ নামৰ আন এজন বি.টেক শিক্ষাৰ্থীয়ে উমিয়াম হোষ্টেলত আত্মহত্যা কৰিছিল।
ইফালে, ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|