নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত ৰাইজে কাম বিজ্ঞানসন্মতভাবে হোৱা নাই বুলি আপত্তি দৰ্শাইছিল। কিন্তু বিভাগটোৰ বিষয়া বা ঠিকাদাৰে কাণষাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ।
নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত ৰাইজে কাম বিজ্ঞানসন্মতভাবে হোৱা নাই বুলি আপত্তি দৰ্শাইছিল। কিন্তু বিভাগটোৰ বিষয়া বা ঠিকাদাৰে কাণষাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ।
জলসম্পদ বিভাগৰ অকৰ্মণ্যতাই বিপদ মাতি আনিছে ৰঙিয়াৰ এখন ৮ কোটি টকীয়া দলঙলৈ । দলঙখন হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ পৰা বাক্সা জিলাৰ গোৰেশ্বৰ সংযোগী পথৰ লাহাপাৰা অঞ্চলত থকা পকী দলংখন।
দলঙখন বনোৱা হৈছে বৰলীয়া নৈৰ ওপৰত । যি ঠাইত দলংখন আছে সেই ঠাইৰপৰা কেইমিটাৰমান আতৰত বৰলীয়া নৈখনে ভাজ লৈছে । গতিকে বাৰিষাৰ ভৰা নৈৰ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ জলসম্পদ বিভাগে নৈখনত ডাঙৰ শিলৰে (ব'ল্ডাৰ পিট্চিং) বান্ধ সাজিছে । কিন্তু নিৰ্মাণৰ মাত্ৰ তিনিমাহ পিছতেই এই বান্ধসমুহ নদীখনে উটুৱাই লৈ গৈছে । ফলত সেই অঞ্চলটোত নদীখনে খহনীয়াৰ সৃষ্টি কৰিছে ।
ইতিমধ্যে নদীৰ খহনীয়াত অঞ্চলটোৰ এটা পথৰ আধা অংশ জাহ গৈছে । নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত স্থানীয় ৰাইজে কাম বিজ্ঞানসন্মত ভাবে হোৱা নাই বুলি আপত্তি দৰ্শাইছিল । কিন্তু বিভাগটোৰ বিষয়া বা ঠিকাদাৰে কাণষাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ। ফলত নিৰ্মাণৰ মাত্ৰ তিনিমাহ পিছতেই জলসম্পদ বিভাগৰ কাম নদীৰ পানীয়ে উটুৱাই লৈ গ'ল । এতিয়া স্থানীয় ৰাইজে দাবী জনাইছে যে সোনকালে বিষয়টো সন্দৰ্ভত তদন্ত কৰি মেৰামতিৰ ব্যৱস্থা কৰিব লাগে । নহলে নদীখনে খহনীয়া অব্যাহত ৰাখিলে অঞ্চলটোৰ লক্ষ্যাধিক লোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ দলঙখন এদিন বৰলীয়াই উটুৱাই লৈ যাব ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|