ধৰ্মপুৰ সমষ্টিৰ ভৈৰাঘোলত জৰাজীৰ্ণ কাঠৰ দলং। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিত উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাইছে এখন কাঠৰ দলঙে। উল্লেখ্য যে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ভৈৰাঘোলত জৰাজীৰ্ণ কাঠৰ দলঙেৰে মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে।
ভৈৰাঘোলত থকা এইখন হৈছে কুটনিকুছি-লাউঠাৰি সংযোগী কাঠৰ দলং। এইখন কাঠৰ দলঙেৰে যাতায়াত কৰে বৰক্ষেত্ৰী সমষ্টি আৰু ধৰ্মপুৰ সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে।
উল্লেখযোগ্য যে পূৰ্বৰ চৰকাৰৰ দিনত মন্ত্ৰী নীলমণি সেন ডেকাই বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰাৰ সময়ত নিৰ্মাণ কৰিছিল দলংখন। তাৰ পিছত এতিয়া এনেদৰে জৰাজীৰ্ণ হৈ আছে দলংখন।
জৰাজীৰ্ণ দলংখনত এতিয়া আছে মাত্ৰ কেইডাল মান লোহাৰ চিৰি। চিৰিৰে মৰণত শৰণ দি দৈনিক যাতায়াত কৰিছে অঞ্চলটোৰ ৰাইজে। পৰিতাপৰ বিষয় যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভোটৰ সময়তহে অঞ্চলটোলৈ আহে আৰু বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এদিনো যোৱা নাই বুলি ক্ষোভ ৰাইজৰ। উন্নয়নৰ নামত ঢাক-ঢোল বজাই থকা চৰকাৰখনৰ উন্নয়নৰ এনে বিপৰীত দৃশ্য দেখিলে বুজিব পাৰি প্ৰকৃততে গ্ৰামাঞ্চলত উন্নয়ন কিমান হৈছে। কাঠৰ দলংখন মেৰামতি অথবা নতুনকৈ নিৰ্মাণ কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে চৰকাৰলৈ দাবী জনাইছে ভৈৰাঘোল গাঁৱৰ ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|