உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ঘৰুৱা কাজিয়া মীমাংসা কৰিবলৈ গৈ হত্যাৰ বলি হ'ল যুৱক, বাক্সাৰ পূব ৰামগাঁৱত নৃশংস হত্যাকাণ্ড

    ঘৰুৱা কাজিয়া মীমাংসা কৰিবলৈ গৈ হত্যাৰ বলি হ'ল যুৱক, বাক্সাৰ পূব ৰামগাঁৱত নৃশংস হত্যাকাণ্ড

     সুৰামত্ত পুত্ৰক বুজনি দিবলৈ পিতৃয়ে মাতি আনিছিল দুৰ্ভগীয়া শ্ৰীনন্দক।

    সুৰামত্ত পুত্ৰক বুজনি দিবলৈ পিতৃয়ে মাতি আনিছিল দুৰ্ভগীয়া শ্ৰীনন্দক।

    সুৰামত্ত পুত্ৰক বুজনি দিবলৈ পিতৃয়ে মাতি আনিছিল দুৰ্ভগীয়া শ্ৰীনন্দক।

    • Share this:

    নৃশংস, ভয়াৱহ, অমানৱীয় হত্যাকাণ্ডই জোকাৰি গ'ল বাক্সাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত মহৰিপাৰাৰ পূব ৰাম গাঁও ৷ সুৰাসক্ত যুৱকৰ দাৰ ঘাপত মৃত্যুমুখত পৰে এজন যুৱক৷


    এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ বিবেকানন্দ নমঃদাস নামৰ সুৰাসক্ত যুৱকজনে হত্যা কৰে একে গাঁৱৰে সম্পৰ্কীয় ভাতৃ শ্ৰীনন্দ নমঃদাস নামৰ যুৱকজনক৷ ঘৰুৱা কাজিয়া মীমাংসা কৰিবলৈ গৈ হত্যাৰ বলি হয় শ্ৰীনন্দ নমঃদাস ৷


    জানিব পৰা মতে, হত্যাকাৰী বিবেকানন্দ নমঃদাসে সুৰাসক্ত হৈ ঘৰত পিতৃ- মাতৃৰ সৈতে আজি দুপৰীয়া সময়ত কাজিয়াত লিপ্ত হৈছিল ৷ তেতিয়া বিবেকানন্দৰ পিতৃয়ে একে গাঁৱৰে সম্পৰ্কীয় ভাতৃ শ্ৰীনন্দ নমঃদাসক মাতি আনি সুৰামত্ত পুত্ৰ বিবেকানন্দক বুজনি দিবলৈ অনুৰোধ জনায় ৷ কিন্তু শ্ৰীনন্দই বুজনি দিব বিচৰাত সুৰাৰ ৰাগীত মাতাল বিবেকানন্দই হাতত থকা দাৰে শ্ৰীনন্দক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে ৷


    ঘটনা সংঘটিত কৰি হত্যাকাৰী বিবেকানন্দই পলাব বিচৰাত ৰাইজে খেদি খেদি আটক কৰি উত্তম–মধ্যম শোধাই গছত বান্ধি থয় ৷ পিছত ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী বিবেকানন্দক আটক কৰাৰ লগতে শ্ৰীনন্দ নমঃদাসৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি গোৰেশ্বৰ আৰক্ষীৰ জিম্মাত আছে  হত্যাকাৰী বিবেকানন্দ নমঃদাস ৷

    Published by:Gautam Barman
    First published: