‘‘শ্বাহৰুক খানক বহুদিনৰ মূৰত পৰ্দাত দেখিম। কোনোবাই প্ৰতিবাদ কৰে, কোনোবাই বয়কট কৰে কৰি থাকক। আমি শ্বাহৰুখ খানক চাব যামেই।’’ – এনেদৰে কেমেৰাৰ আগত মন্তব্য কৰিলে শ্বাহৰুখ খানৰ এগৰাকী অনুৰাগীয়ে।
শ্বাহৰুখ খান অভিনীত ‘পাঠান’ (Pathaan) বোলছবিখনৰ চৌদিশে বিতৰ্ক হৈ থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোণাৰ নিবাসী ফাৰুক খানে ৰঙিয়াৰ (Rangia) ডিলাইট গোল্ড চিনেমা হলৰ ১৯২টা টিকট ক্ৰয় কৰিছে। আগতীয়াকৈ ক্ৰয় কৰা এই টিকটখিনি হলটোৰ সৰ্বমুঠ টিকটৰ ৮০ শতাংশ।
চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম প্ৰদৰ্শনীৰ টিকটসমূহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগীগৰাকী। তেওঁ নিজৰ লগতে পৰিয়াল বৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে চিনেমাখন উপভোগ কৰিব বুলি প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে প্ৰায় চাৰি বছৰৰ মূৰত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে (Shah Rukh Khan) পুনৰ ৰূপালী পৰ্দাত ভুমুকি মাৰিবলৈ ওলাইছে। বোলছবিখনৰ এটা গীতে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছে। কেতবোৰ হিন্দুত্ববাদী সংগঠনে ইতিমধ্যে চিনেমাখন বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটীত চিনেমাখনৰ পোষ্টাৰ ফালি পেলোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|