শুক্ৰবাৰে ৰহাৰ চাপৰমুখ কচুৱাৰ প্ৰাৰ্থনা বৰা নামৰ এগৰাকী মেধাৱী যুৱতীয়ে এক জটিল ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক সাবতি লৈছিল। তেওঁৰ মৃত্যুৰ পাছৰ পৰিৱেশ আছিল অতি কৰুণ আৰু দুখলগা। কিয়নো প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাইছিল প্ৰাৰ্থনাৰ প্ৰেমাস্পদ তথা মৰিগাঁওৰ যুৱক বিতোপন তামুলীয়ে।
বিতোপনে মৃত প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ প্ৰেমিকাৰ মৃতদেহৰ কপালত ৰঙা সেন্দুৰ বুলাই দি মালা পিন্ধাই নিজেও মালা বৰণ কৰি দুগালত চুমা আঁকি দিছিল। সেই সময়ত প্ৰাৰ্থনাৰ বাসগৃহত থকা কোনো ব্যক্তিয়ে সেই দৃশ্য ম'বাইলত বন্দী কৰিছিল। পৰৱৰ্তী সময়ত সেই দৃশ্য ভাইৰেল হৈ পৰিছিল আৰু যি দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছিল।
প্ৰায় ৭ বছৰ ধৰি ভালপোৱা এক সম্পৰ্ক আছিল বিতোপন আৰু প্ৰাৰ্থনাৰ। কিন্তু দুয়োৰে যুগ্ম জীৱণৰ সপোন বোৰ যেন আধাতে মৰহি গ'ল। ২০২০ চনত দুয়োয়ে আইনী পদ্ধতিত বিবাহপাশত আবদ্ধ হৈছিল। আগন্তুক বহাগত দুয়োৰে বিবাহ হোৱাৰ কথা ঠিক হৈছিল।কিন্তু তেওঁ লোকৰ সপোন যেন সপোন হৈয়ে থাকিল। এক জটিল ৰোগত আক্ৰান্ত হৈছিল প্ৰাৰ্থনা। জীৱিত কালত সম্পন্ন হৈ নুঠা প্ৰাৰ্থনা আৰু বিতোপনৰ বিবাহখন মৃত্যুৰ পিছত সম্পন্ন কৰি তুলিলে বিতোপনে।
বিতোপনে আজন্ম প্ৰাৰ্থনাৰ প্ৰেমিক হৈ থাকিব বিচাৰে বুলিও উল্লেখ কৰে। লগতে প্ৰাৰ্থনা আৰু তেওঁৰ প্ৰেমক স্বৰ্গীয় কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিলে বিতোপনে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|