দেওবাৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুক্তিযোদ্ধা তথা আৱাহন যুগৰ বিশিষ্ট লেখক মধুসূদন দাসৰ শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ ‘মধুসূদন মাধুৰ্যনাৰায়ণ’ উন্মোচন কৰে ৷ বৰপেটা আইন মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন উন্মোচন কৰে ৷
ইয়াৰোপৰি, গ্ৰন্থ উন্মোচকৰ ভাষণত মধুসূদন দাসৰ ৰাজনৈতিক দৰ্শন আৰু জীৱন-কৃতি সন্দৰ্ভত চমু আলোকপাত কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে, মধুসূদন দাসৰ দৰে ৰাজনৈতিক দূৰদৰ্শিতা থকা নেতা অসমত সেই সময়ত কম আছিল ৷
মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰা মতে, মধুসূদন দাসে অসমত বহু অবৈধ মুছলমান সোমাই থকা বুলি বিদেশী বহিষ্কৰণ আন্দোলনৰ বহু পূৰ্বেই বিধান সভাত এক তথ্য দাঙি ধৰিছিল ৷
মধুসূদন দাসৰ পৰিয়ালবৰ্গৰ উদ্যোগত আৰু বৰপেটা প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস,বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু বৰপেটা প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ পাঠকে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ৷
শুভজ্যোতি দাসৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থখনত মধুসূদন দাস সন্দৰ্ভত অসমৰ কেবাগৰাকীও বিশিষ্ট লেখক-লেখিকাৰ ৰচনা সন্নিবিষ্ট হৈছে ৷
- First Published :