মুখ্যপৃষ্ঠা »খবৰ »অসম »অসম ৰাজ্যিক চিৰিয়াখানাত মালিচ লৈ ভাল পোৱা এটা ব্লেক পেন্থাৰ পোৱালি এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু

অসম ৰাজ্যিক চিৰিয়াখানাত মালিচ লৈ ভাল পোৱা এটা ব্লেক পেন্থাৰ পোৱালি এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু

চিৰিয়াখানা পৰিয়ালৰ নতুন সদস্য কাবটো মাত্ৰ দুমাহ পুৰণি আৰু কম সময়তেই সকলোৰে জীৱ–জন্তুৰে ভিতৰত আটাইতকৈ মৰমৰ হৈ পৰিছে

চিৰিয়াখানা পৰিয়ালৰ নতুন সদস্য কাবটো মাত্ৰ দুমাহ পুৰণি আৰু কম সময়তেই সকলোৰে জীৱ–জন্তুৰে ভিতৰত আটাইতকৈ মৰমৰ হৈ পৰিছে

  • Share this:
অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীত দেওবাৰে ব্লেক পেন্থাৰ পোৱালী এটাই বিশেষ মালিচ উপভোগ কৰে। চিৰিয়াখানা পৰিয়ালৰ নতুন সদস্য কাবটো মাত্ৰ দুমাহ পুৰণি আৰু কম সময়তেই সকলোৰে জীৱ–জন্তুৰে ভিতৰত আটাইতকৈ মৰমৰ হৈ পৰিছে।

চিৰিয়াখানাৰ ৰক্ষকৰ মতে বৰ্তমানলৈ পোৱালীটোৰ নামাকৰণ কৰা হোৱা নাই। ব্লেক পেন্থাৰ পোৱালীটোৱে মালিচ অত্যন্ত ভাল পায়। মানুহৰ সংগ ভাল পোৱা মৰমলগা পোৱালীটোৱে আৰামদায়ক মালিচ লয় আৰু এজন ৰক্ষকৰ পিঠিত উঠি উমলা দেখিবলৈ পোৱা গৈছে।

অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই ব্লেক পেন্থাৰৰ সংখ্যা বৃদ্ধি কৰাৰ এটা কাৰ্য হাতত লৈছে। যিহেতু হাবিত ইয়াক কম সংখ্যক থকা দেখা পোৱা যায়। বিশেষকৈ চাহ–বাগিচা অঞ্চলত ইয়াক পোৱা যায় বুলি চিৰিয়াখানাৰ এজন কৰ্মীয়ে জনায়। তেওঁ জনোৱা মতে, চিৰিয়াখানাত  বৰ্তমান ৮ টা ব্লেক পেন্থাৰ আছে আৰু ইয়াৰ বন্দী অৱস্থাত প্ৰজাতিটো সফলভাৱে প্ৰজনন কৰিছে। ইয়াত এটা সদ্যজাত পোৱালিও আছে যাৰ বৰ্তমান পৰ্যন্ত নামাকৰণ কৰা হোৱা নাই। পোৱালীটোৱে এতিয়া মাংসৰ সোৱাদ লোৱা আৰম্ভ কৰিছে।

ব্লেক পেন্থাৰ পোৱালীটোৱে মানুহৰ সংগ ভাল পায় আৰু খেলি–উমলি দিনবোৰ আনন্দৰে পাৰ কৰিছে।

শেহতীয়া বাতৰি