দিচাং নদীৰ ভগা পকী দলঙৰ ওপৰত লোকনিৰ্মান বিভাগে নিৰ্মাণ কৰিলে বাঁহৰ দলং খন৷
দিচাং নদীৰ ভগা পকী দলঙৰ ওপৰত লোকনিৰ্মান বিভাগে নিৰ্মাণ কৰিলে বাঁহৰ দলং খন৷
শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী পথত দিচাং নৈৰ ভগা পকী দলঙৰ ওপৰত লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং ৷ এতিয়াৰ পৰা অঞ্চলটোৰ জনসাধাৰণে এই বাঁহৰ দলঙেৰে খোজ কাঢ়ি যাতায়াত কৰিব পাৰিব৷
যোৱা ১৬ জানুৱাৰী তাৰিখে দিচাং নদীৰ এই দলংখন মাজতে ভাঙি পৰাত ব্যাহত হৈ পৰিছিল অঞ্চলটোৰ যাতায়াত। এখন শিলভৰ্তি ডাম্পাৰ দলংখনেদি পাৰ হওঁতেই আকস্মিকভাৱে মাজতে ভাগি পৰিছিল দলংখন ( Bambo bridge at Sivasagar)।
সম্প্ৰতি বৃহত্তৰ বকতা অঞ্চলৰ ৰাইজ শিৱসাগৰ , নাজিৰা , শিমলুগুৰি অঞ্চলৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ লোকনিৰ্মাণ বিভাগে বাঁহৰ দলংখন নিৰ্মাণ কৰিছে৷ লগতে যাত্ৰীসকল অহা-যোৱা কৰিব পৰাকৈ এখন নাওৰো ব্যৱস্থা কৰিছে লোকনিৰ্মাণ বিভাগে৷ পৰৱৰ্তী সময়ত লোকনিৰ্মাণ বিভাগে চাৰিচকীয়া বাহনৰ যাতায়াতৰ বাবে এখন লোহাৰ দলং নিৰ্মাণ কৰিব৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|