• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaliabor: কলিয়াবৰৰ ৰাজপথত মৃত্যুমুখত পৰিল বহিঃৰাজ‍্যৰ ট্ৰাকৰ হেণ্ডিমেন

Kaliabor: কলিয়াবৰৰ ৰাজপথত মৃত্যুমুখত পৰিল বহিঃৰাজ‍্যৰ ট্ৰাকৰ হেণ্ডিমেন

জিৰণি লওঁতেই টোপনি গৈছিল ট্ৰাকখনৰ চালক ছমেটা ৰাজশেখৰ

জিৰণি লওঁতেই টোপনি গৈছিল ট্ৰাকখনৰ চালক ছমেটা ৰাজশেখৰ

জিৰণি লওঁতেই টোপনি গৈছিল ট্ৰাকখনৰ চালক ছমেটা ৰাজশেখৰ

  • Share this:
কলিয়াবৰৰ ৰাজপথত মৃত্যু বহিঃৰাজ‍্যৰ ট্ৰাক হেণ্ডিমেনৰ। জখলাবন্ধাৰ বাঘজানৰ সমীপতে এখন ট্ৰাক হেণ্ডিমেনৰ আকস্মিক মৃত্যু। AS-37-TX-3688 নম্বৰৰ যোৰহাটৰ পৰা অন্ধ্ৰপ্ৰদেশ অভিমুখী ট্ৰাকখনতে মৃত্যু হয় ৰাজু নামৰ ট্ৰাক হেণ্ডিমেনজনৰ।

বিয়লি খাদ‍্য গ্ৰহণৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে জিৰণি লৈছিল ট্ৰাকখনৰ চালক-হেণ্ডিমেনে। জিৰণি লওঁতেই টোপনি গৈছিল ট্ৰাকখনৰ চালক ছমেটা ৰাজশেখৰ। টোপনি ভগাৰ পিছতে অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰে হেণ্ডিমেন ৰাজুক (Truck handyman dies after suddenly falling ill)।

তাৰ কিছু সময়ৰ পিছতেই হেণ্ডিমেনজনৰ মৃত্যু হয়। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় জখলাবন্ধা আৰক্ষী আৰু  হেণ্ডিমেনজনৰ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে  জখলাবন্ধা চিকিৎসালয়লৈ। পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নগাঁৱলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি