মুখ্যপৃষ্ঠা »খবৰ »অসম »কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে এজনী মাইকী গঁড়, খৰ্গ লৈ উধাও

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে এজনী মাইকী গঁড়, খৰ্গ লৈ উধাও

File Photo

File Photo

অভিযান আৰম্ভ কৰিছে নিৰাপত্তাৰক্ষীয়ে।

  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে এজনী মাইকী মৃত গঁড়। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। উদ্যানৰ কহঁৰা বনাঞ্চলত গৱৰাই বন শিৱিৰ এলেকাত উদ্ধাৰ হৈছে মৃত গঁড়জনী। শুকুৰবাৰে নিশা চোৰাং চিকাৰীয়ে মাইকী গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয়।


উদ্যানৰ কহঁৰা বনাঞ্চলত গৱৰাই বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। ঘটনাত জড়িত থকাৰ সন্দেহত বৰ্তমান এটা চোৰাং চিকাৰীক আটক কৰি সোধা-পোছা কৰি থকা হৈছে। এই কথা টুইটাৰযোগে জনাইছে উদ্যান কৰ্তৃপক্ষই।

শেহতীয়া বাতৰি