দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে জটিল ৰোগত, কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল ৮৪ বছৰীয়া আইতা

News18 Assam | News18-Assam
Updated:July 26, 2020, 7:47 PM IST
দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে জটিল ৰোগত, কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল ৮৪ বছৰীয়া আইতা
কোৰোণা মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতে কিছুমান ঘটনাই সকলোৰে বাবে কঢ়িয়াই আনে যোগাত্মক বাৰ্তা। এগৰাকী ৮৪ বছৰীয়া জটিল ৰোগত আক্ৰান্ত আইতাই জয় কৰিলে কোৰোণা।

কোৰোণা মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতে কিছুমান ঘটনাই সকলোৰে বাবে কঢ়িয়াই আনে যোগাত্মক বাৰ্তা। এগৰাকী ৮৪ বছৰীয়া জটিল ৰোগত আক্ৰান্ত আইতাই জয় কৰিলে কোৰোণা।

  • Share this:
কোভিড১৯ক লৈ বহু লোকৰ মাজত অব্যাহত আছে আতংক। বিশেষকৈ কিছু সংখ্যক বয়সীয়াল লোকে এতিয়া ভয়ৰ মাজেৰে দিন পাৰ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ মাজতে এগৰাকী ৮৪ বছৰীয়া আইতাই কোৰোণা জয় কৰাৰ খবৰে কিছু পৰিমাণে হ’লেও বহুতৰে মানসিক শক্তি বৃদ্ধি কৰিছে।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা নিভা গোস্বামী নামৰ এগৰাকী মহিলা আক্ৰান্ত হৈছিল কোৰোণাত। পিছতগুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক। কিন্তু এতিয়া কোৰোণাক জয় কৰি ৮৪ বছৰীয়া মহিলাগৰাকী প্ৰায় ১৪ দিনৰ পিছত গুৱাহাটীৰ পৰা উভতি আহিছে যোৰহাটৰ নিজ ঘৰলৈ।

আইতা বৰ্তমান সুস্থ আৰু সুখী। আইতাক লৈ পৰিয়ালৰ বাকী সদস্যসকলো সুখী। আইতা সুস্থ হৈ ঘৰলৈ উভতি অহাৰ পিছত আইতাৰ মনোবলৰ লগতে চিকিৎসকসকলৰ ভূমিকাক শলাগ লৈছে পৰিয়ালৰ লোকসকলে ।

" মা জটিল ৰোগত আক্ৰান্ত। কোভিড১৯ত আক্ৰান্ত হোৱাৰ পিছত আমি এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰিছিলো। বয়স 84 বছৰ হোৱাৰ পিছতো মাৰ মানসিক শক্তি বহুত। কোনো জটিলতাৰ সন্মুখীন নোহোৱাকৈ মা চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিবলৈ সক্ষম হ’ল। এই ঘটনাৰ পিছতে আমি কোভিড19 সন্দৰ্ভত বহু কথাই জানিলো। " পুত্ৰ ৰিন্টু গোস্বামীয়ে এনেদৰে কয়।

আনহাতে আইতাই জনায় যে, তেওঁ বেমাৰলৈ ভয় নকৰে আৰু চিন্তাও নকৰে। তেওঁ বেছিকৈ চিন্তাত পৰে সন্তানৰ বেমাৰ হলেহে। আইতাকৰ এনে মনোবল তথা মানসিক শক্তিৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে তেওঁৰ নাতিসকলেও।
Published by: Himangshu Bhuyan
First published: July 26, 2020, 7:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি