বীনাপাণি নাট্যমন্দিৰৰ সন্মুখত ৰাইজে উদ্ধাৰ কৰিলে দুৰ্ভগীয়া মাতৃগৰাকীক।
বীনাপাণি নাট্যমন্দিৰৰ সন্মুখত ৰাইজে উদ্ধাৰ কৰিলে দুৰ্ভগীয়া মাতৃগৰাকীক।
নগাঁৱৰ বীণাপাণি নাট্যমন্দিৰৰ সন্মুখৰ পদপথত শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত ৰাইজে উদ্ধাৰ কৰে এগৰাকী অসহায় বৃদ্ধাক। প্ৰায় ৭০ বছৰীয়া বৃদ্ধাগৰাকীক তেওঁৰ সন্তানে নগাঁও চহৰৰ পদপথত এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে। শাৰিৰীক ভাৱে যথেষ্ট অসুস্থ বৃদ্ধাগৰাকীয়ে নিজৰ নাম তথা পৰিয়ালৰ সদস্যৰ নাম ভালদৰে ক'ব পৰা নাই।
বীনাপাণি নাট্যমন্দিৰৰ সমীপৰ এগৰাকী দোকানীয়ে বৃদ্ধাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে। বাঙালী সম্প্ৰদায়ৰ বৃদ্ধাগৰাকীয়ে তেওঁৰ ঘৰ লংকাবস্তিত বুলি জানিবলৈ দিছে। একাংশ লোকৰ মতে, বৃদ্ধাগৰাকীৰ ঘৰ হোজাই জিলাৰ লংকাৰ লংকাবস্তিত। বৃদ্ধাগৰাকীৰ সন্তানে হয়তো হোজাইৰ পৰা নগাঁৱলৈ আনি এইদৰে পদপথত এৰি থৈ গৈছে।
মানৱীয় প্ৰমূল্যবোধক বিসৰ্জন দি এগৰাকী মাতৃক সন্তানে এইদৰে পদপথত এৰি থৈ যোৱা কাৰ্যক ধিক্কাৰ দিছে নগাঁৱৰ সচেতন ৰাইজে। ইতিমধ্যে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰিবলৈ নগাঁও আৰক্ষীক খবৰ দিছে স্থানীয় লোকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|