আজি ৫ নৱেম্বৰ। অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা অবিহনে অসমবাসীয়ে পাৰ কৰিলে ৯টা বছৰ। আজি যাযাবৰী শিল্পীগৰাকীৰ নৱম মৃত্যুবাৰ্ষিকী। সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে সুধাকণ্ঠক।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ উপৰি মহানগৰীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে স্মৃতি তৰ্পণৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ কুইন ওজাৰ লগতে বহু লোকে।
আজি পুৱাই সমাধিক্ষেত্ৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকল। কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ সমাধিক্ষেত্ৰত উপস্থিত হৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 05, 2020, 10:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।