উগ্ৰতাৰা মন্দিৰলৈ উভতিল ৯৭৫বছৰীয়া পালবংশীয় 'মা'ৰ প্ৰতিমূৰ্তি

CJM ক’ৰ্টত উগ্ৰতাৰাৰ বিগ্ৰহ চমজি ল’লে উগ্ৰতাৰাৰ কৰ্তৃপক্ষই। নৈবদ্য, খোল, বৰতাল আৰু মংগল মন্ত্ৰ উচ্চাৰণেৰে লতাশিলৰ পৰা পদযাত্ৰা কৰি ক’ৰ্টত উপস্থিত।

news18assam
Updated:May 2, 2019, 6:32 PM IST
উগ্ৰতাৰা মন্দিৰলৈ উভতিল ৯৭৫বছৰীয়া পালবংশীয় 'মা'ৰ প্ৰতিমূৰ্তি
CJM ক’ৰ্টত উগ্ৰতাৰাৰ বিগ্ৰহ চমজি ল’লে উগ্ৰতাৰাৰ কৰ্তৃপক্ষই। নৈবদ্য, খোল, বৰতাল আৰু মংগল মন্ত্ৰ উচ্চাৰণেৰে লতাশিলৰ পৰা পদযাত্ৰা কৰি ক’ৰ্টত উপস্থিত।
news18assam
Updated: May 2, 2019, 6:32 PM IST
 অৱশেষত উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ CJM আদালতত চমজি ল’লে উগ্ৰতাৰাৰ পুৰোহিত, কৰ্তৃপক্ষই। লতাশিলৰ পৰা পদযাত্ৰা কৰি

ফুল, নৈবদ্য, বৰতাল লৈ উপস্থিত আদালতত মন্দিৰ কৰ্তৃপক্ষ।



উগ্ৰতাৰা দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহটো ৯৭৫বছৰ পুৰণি। অষ্টধাতুৰে নিৰ্মিত মূৰ্তিটো পালবংশীয় ৰজাৰ দিনত নিৰ্মিত।

উদ্ধাৰ হোৱা ৯৭৫বছৰীয়া মূৰ্তিটো





মন্দিৰ কৰ্তৃপক্ষক লতাশিল আৰক্ষীয়ে চমজালে উদ্ধাৰ হোৱা বিগ্ৰহ। উল্লেখযোগ্য যে প্ৰায় ছমাহ পূৰ্বে চুৰি হোৱা মূৰ্তিটো আৰক্ষীয়ে নতুন বিগ্ৰহ স্থাপনৰ প্ৰাক সন্ধিয়া উদ্ধাৰ কৰিছিল। আৰক্ষীৰ জিম্মাত বিগ্ৰহ চুৰিত জড়িত ৬টা চোৰ।  ৪ দিনৰ বাবে আটাইকেইটাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ।

১২ দিনৰ জিম্মাত বিচাৰিছিল লতাশিল আৰক্ষীয়ে। চুৰে পুৰণি বিগ্ৰহৰ কিছু অংশ কাটি ক্ষতিগ্ৰস্ত কৰিছিল। এতিয়াৰ পৰা উগ্ৰতাৰা মন্দিৰত নতুন আৰু পুৰণি দুয়োটা বিগ্ৰহেই থাকিব।




আৰু চাওক পৰৱৰ্তী বাতৰি