মুখ্যপৃষ্ঠা » খবৰ

» অসম

»News of Hope: ক'ভিড জয় কৰি ঘৰলৈ উভতিল ৯৫ বছৰীয়া আইতা চিলচিলি দাস, গহপুৰত আনন্দ

News of Hope: ক'ভিড জয় কৰি ঘৰলৈ উভতিল ৯৫ বছৰীয়া আইতা চিলচিলি দাস, গহপুৰত আনন্দ

News18 Assam | News18-Assam
Updated:June 25, 2021, 7:32 PM IST
News of Hope: ক'ভিড জয় কৰি ঘৰলৈ উভতিল ৯৫ বছৰীয়া আইতা চিলচিলি দাস, গহপুৰত আনন্দ
কোভিডক জয় কৰি ঘৰলৈ ঘূৰি আহি দাসে সম্প্ৰতি টিভি চোৱা, স্বাস্থ্য বিধিৰ কিতাপ পঢ়া আদিত ব্যস্ত হৈ পৰিছে।

কোভিডক জয় কৰি ঘৰলৈ ঘূৰি আহি দাসে সম্প্ৰতি টিভি চোৱা, স্বাস্থ্য বিধিৰ কিতাপ পঢ়া আদিত ব্যস্ত হৈ পৰিছে।

  • Share this:

গহপুৰ মহকুমাত ক'ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাৰ সময়তে এগৰাকী ৯৫ বছৰীয়া আইতাই ক'ভিডক জয় কৰি ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰা সুস্থ হৈ সুকলমে নিজ গৃহলৈ ঘূৰি অহাৰ খবৰে ক'ভিড ৰোগী, ক'ভিড যোদ্ধাসকলৰ লগতে ৰাইজৰ মনোবল তথা সাহস বৃদ্ধি কৰিছে। উল্লেখ্য যে মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডিপৰাৰ গাঁৱৰ ৯৫ বছৰীয়া  আইতা চিলচিলি দাস কিছুদিন পূৰ্বে ক'ভিডত আক্ৰান্ত হোৱাত কলাবাৰী আদৰ্শ চিকিৎসালয়ত থকা ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন কৰা হয়।


কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ ক'ভিড কেয়াৰ চেন্টাৰৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ চিকিৎসা সেৱা তথা আদৰ–যত্নত কম দিনৰ ভিতৰতে ৯৫ বছৰীয়া  আইতা চিলচিলি দাসে ক'ভিডক জয় কৰিবলৈ সক্ষম হয়। অদ্যম সাহস আৰু মনোবলৰ গৰাকী আইতাগৰাকীয়ে প্ৰায় এসপ্তাহ ক'ভিড কেয়াৰ চেন্টাৰত থকাৰ পিছত ক'ভিডৰ পৰা মুক্ত হৈ শেহতীয়াকৈ নিজ গৃহলৈ সুস্থ শৰীৰে ঘূৰি আহিবলৈ সক্ষম হৈছে।


ঘৰলৈ ঘূৰি আহি দাসে সম্প্ৰতি টিভি চোৱা, স্বাস্থ্য বিধিৰ কিতাপ পঢ়া আদিত ব্যস্ত হৈ পৰিছে। অতিমাৰী ক'ভিডত আক্ৰান্ত হোৱা সত্ত্বেও অদম্য সাহস আৰু মনোবল অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা এই গৰাকী ৯৫ বছৰীয়া আইতা এতিয়া সাহস, মনোবল তথা অনুপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ পৰিছে ক'ভিড  ৰোগীসকলৰ বাবে। ক'ভিড ৰোগীসকলক সাহস তথা মনোবল অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে চিলচিলি দাসে প্ৰতিগৰাকী ব্যক্তিক ক'ভিড ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণ ৰূপে মানি চলিবলৈ আহ্বান জনাইছে।



চিলচিলি দাস সুস্থ হৈ ঘৰলৈ ঘূৰি অহাত স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে আইতাৰ দীৰ্ঘায়ু কামনা কৰিছে। গাঁওখনত আইতাগৰাকী সুস্থ হোৱাক লৈ অধিক উৎসাহী হৈ পৰিছে বাকীসকল ক'ভিড আক্ৰান্ত। বিশ্বনাথৰ কেৱল গহপুৰ মহকুমাতে এহাজাৰ সাতশৰো অধিক লোক বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হৈছে।

Published by: Gautam Barman
First published: June 25, 2021, 7:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি