মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসম পেট্ৰ’কেমিকেল লিমিটেডত স্থাপন হ’ল ইটালীৰ পৰা ক্ৰয় কৰা ৰিয়েক্টৰ 

অসম পেট্ৰ’কেমিকেল লিমিটেডত স্থাপন হ’ল ইটালীৰ পৰা ক্ৰয় কৰা ৰিয়েক্টৰ 

News18 Assam | News18-Assam
Updated:September 29, 2020, 11:45 AM IST
অসম পেট্ৰ’কেমিকেল লিমিটেডত স্থাপন হ’ল ইটালীৰ পৰা ক্ৰয় কৰা ৰিয়েক্টৰ 
ৰিয়েক্টৰটো স্থাপন কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে প্ৰকল্পটোত জড়িত বিষয়া–কৰ্মচাৰীসকল।

ৰিয়েক্টৰটো স্থাপন কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে প্ৰকল্পটোত জড়িত বিষয়া–কৰ্মচাৰীসকল।

  • News18 Assam
  • Last Updated: September 29, 2020, 11:45 AM IST
  • Share this:
চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব ১৭০৯ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা উজনি অসমৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান নামৰূপস্থিত অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লাণ্টৰ কাম। সেই সূত্ৰে সূদুৰ ইটালীৰ পৰা ভাৰতীয় মূল্য হিচাপে ২৮ কোটি টকা ব্যয়েৰে অনা প্ৰকল্পটোৰ হৃদপিণ্ডস্বৰূপ ৰিয়েক্টৰটো সোমবাৰে ধৰ্মীয় নীতি–নিয়মৰে প্ৰকল্পটোৰ মিথানল প্লাণ্টত স্থাপন কৰাৰ লগে লগে সম্পূৰ্ণ হ’ল প্ৰকল্পটোৰ ৯৫ শতাংশ কাম।

যদিহে সকলো ঠিকে থাকে তেন্তে অহা ডিচেম্বৰৰ মাহত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নতুনকৈ স্থাপিত হোৱা লাভজনক প্ৰকল্পটো।

ডিচেম্বৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে দৈনিক ৫০০ টন মিথানল আৰু ২০০ টন ফৰ্মেনিল উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ লগতে নিবনুৱা যুৱক–যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰকল্পটোৰ অধক্ষ্য বিকুল ডেকাই।

ইফালে ৰিয়েক্টৰটো স্থাপন কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে প্ৰকল্পটোত জড়িত বিষয়া–কৰ্মচাৰীসকল। ৰিয়েক্টৰ স্থাপনৰ এই অনুষ্ঠানত প্ৰকল্পটোৰ অধক্ষ্য বিকুল ডেকা, পৰিচালন সঞ্চালক অতুল চন্দ্ৰ বৰ্মনকে প্ৰমুখ্যে কৰি প্ৰকল্পটোৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: September 29, 2020, 11:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি