News18 AssamNews18 Assam
|
News18-Assam Updated:May 12, 2020, 1:33 PM IST
ঘৰত প্ৰশিক্ষণ দিছে মাস্ক নিৰ্মাণৰ।
ঘৰত প্ৰশিক্ষণ দিছে মাস্ক নিৰ্মাণৰ।
হাজোৰ এগৰাকী ৯২ বছৰীয়া আইতা। নাম নিহাৰিকা দাস। ঘৰ কামৰূপৰ হালোগাঁৱত। গাঁওখনৰ সবাতোকৈ বয়সীয়াল এই গৰাকী আইতা। শেহতীয়াকৈ আইতা গৰাকীৰ এক মহৎ কার্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দেশত মাৰাত্মক কোৰোণা ভাইৰাচৰ ভয়ানক সংক্ৰমণ চলি থকাৰ সময়তে এই গৰাকী ৯২ বছৰীয়া আইতাই নিজ হাতে মাস্ক প্ৰস্তুত কৰি বিতৰণ কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। বিয়াৰ সময়তেই নিজৰ পিতৃয়ে যৌতুক হিচাপে দিয়া এইটো চিলাই মেচিনৰ জৰিয়তে নিজ ঘৰতে কাপোৰৰ মাস্ক বনাই কোৰোণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ যি মহান প্ৰচেষ্টা হাতত হৈছে সেয়া নিঃসন্দেহে শলাগ ল'বলগীয়া। আইতা গৰাকীয়ে নিজে এই কামত নিয়োজিত হোৱাৰ সমান্তৰালকৈ গাঁৱখনৰ অন্যান্য মহিলা সকলকো কোৰোণা প্ৰতিৰোধৰ ক্ষেত্ৰত মাস্ক বনোৱাৰ প্ৰশিক্ষণ দিছে ।সম্প্ৰতি আইতা গৰাকীৰ চকুৰ দৃষ্টি আৰু দেহৰ দুৰ্বলতাই কিছু অসুবিধাৰ সৃষ্টি কৰিছে যদিও মনত থকা অদ্যম সাহসেৰে মাৰাত্মক কোৰোণা মহামাৰীৰ বিৰুদ্ধে ঘৰৰ পৰা যুঁজ দি গৈছে।