কোভিড আক্ৰান্তৰ কাৰণে সাহস প্ৰেৰণা মঙলদৈৰ নব্বৈ ঊৰ্ধ্বৰ এগৰাকী আইতা। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো কিছু পৰিমাণে হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা। জিলা স্বাস্থ্য বিভাগে জানিব দিয়া মতে জিলাখনত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ১৩৮২জন কোভিড আক্ৰান্ত। ইয়াৰে ১৯৬জন চিকিৎসালয়ত থকাৰ বিপৰীতে ১১৮৬জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে।
আনহাতে ঘৰত আছুতীয়াকৈ থকা ৩৯১২ গৰাকী লোক সুস্থ হৈ উঠিছে। ইয়াৰ ভিতৰত এগৰাকী আইতা কোভিড আক্ৰান্তসকলৰ কাৰণে হৈ পৰিছে সাহস। মঙলদৈৰ ১নং মেধিপাৰা গাঁৱৰ ৯২ বছৰীয়া আইতাগৰাকীৰ নাম তিলেশ্বৰী ডেকা। যিগৰাকী আইতাই কোভিডক পৰাস্ত কৰি এতিয়া সুস্থ। জীৱনৰ বিয়লি বেলাত ৯ দিন ধৰি কোভিডৰ বিৰুদ্ধে যুঁজ দি জয়ী হৈছে আইতা।
মঙলদৈৰ ১নম্বৰ মেধিপাৰা নিবাসী আইতা তিলেশ্বৰী ডেকাৰ পুত্ৰ–বোৱাৰী অসুস্থ হোৱাত ঘৰৰ সকলো পৰিয়ালকে কৰা হয় কোভিত পৰীক্ষা আৰু পুত্ৰ–বোৱাৰীৰ লগতে কোভিডৰ অৱস্থিতি ধৰা পৰে ৯২ বছৰীয়া আইতাৰ দেহত। পুত্ৰ–বোৱাৰীক মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ মতে আইতাক ঘৰতে হোম আইছ’লেচনত ৰাখি কৰা হয় সম্পূৰ্ণ চিকিৎসা।
৯২ বছৰীয়া আইতাক সুস্থ কৰি তোলাটো আছিল পৰিয়ালটোৰ কাৰণে প্ৰত্যাহ্বান। ২০ মে’ত আইতাৰ দেহত কোভিড ধৰা পৰে আৰু সম্পূৰ্ণ ৯ দিন পিছত ২৮ মে’ত পুনৰ কোভিড পৰীক্ষা কৰাত আইতাৰ ৰিপ’ৰ্ট নিগেটিভ আহে। এতিয়া আইতা সম্পূৰ্ণ সুস্থ হৈ উঠিছে। ৯ দিন বিছনাতে থকা আইতা এতিয়া উঠি ফুৰিব পাৰিছে। খোৱা লোৱাও কৰিব পাৰিছে আইতাই।
উল্লেখযোগ্য যে তিলেশ্বৰী ডেকাৰ লগতে ৬৫ বছৰীয়া পুত্ৰ জয়ধন ডেকা, ৫০ বছৰীয়া বোৱাৰী নিৰলা ডেকা আৰু ৪৫ বছৰীয়া পুত্ৰ গীৰেশ ডেকা আক্ৰান্ত হৈছিল কোভিড–১৯ত। এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে পৰিয়ালটো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|