মুখ্যপৃষ্ঠা »খবৰ »অসম »Maha Shivratri | মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি

Maha Shivratri | মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি

উক্ত শিৱ মূৰ্তিটো উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত সু-উচ্চ আৰু ভাৰতবৰ্ষৰ ভিতৰত ষষ্ঠ স্থানত থকাৰ কথাও জনালে উদ্যোক্তা সকলে৷

উক্ত শিৱ মূৰ্তিটো উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত সু-উচ্চ আৰু ভাৰতবৰ্ষৰ ভিতৰত ষষ্ঠ স্থানত থকাৰ কথাও জনালে উদ্যোক্তা সকলে৷

  • Share this:
মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব মহাদেৱৰ সুউচ্চ মূৰ্তি৷ নলবাৰী  খাৰঝাৰা আশ্ৰমৰ নিচেই কাষতে নিৰ্মীয়মাণ অৱস্থাত আছে ৯১ ফুট উচ্চতাৰ  উত্তৰ–পূব ভাৰতৰ সূউচ্চ এই মূৰ্তিটো৷ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ উদ্যোগত নিৰ্মীয়মাণ অৱস্থাত থকা বৃহৎ শিৱমূৰ্তিটো ৰাইজৰ বাবে মুকলি কৰা হব মহাশিৱৰাত্ৰিৰ দিনটোতে৷

মহাদেৱৰ এই সুউচ্চ মূৰ্তিটোৰ তলতে এইবাৰ জাক–জমকতাৰে অনুষ্ঠিত হ’ব শিৱৰাত্ৰি৷ আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱাই আনুস্থানিকভাৱে মুকলি কৰিবলগীয়া এই শিৱ মূৰ্তিটোত বৰ্তমানলৈকে ৩২ লাখ টকা খৰচ হৈছে যদিও আৰু ৬–৭ লাখ টকাৰ কাম বাকী থকাৰ কথা সদৰি কৰিলে উদ্যোক্তাসকলে৷

উক্ত শিৱ মূৰ্তিটো উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত সু-উচ্চ আৰু ভাৰতবৰ্ষৰ ভিতৰত ষষ্ঠ স্থানত থকাৰ কথাও জনালে উদ্যোক্তা সকলে৷ ইফালে মূৰ্তিটো মুকলিৰ পিছতেই পৰ্যটনৰ ক্ষেত্ৰতো এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

শেহতীয়া বাতৰি